Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোহন 2:18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া ইহুদী নেতা সকলে যীচুক সুধিলে, “এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা?”

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

এনেতে সেইদিনাই তেওঁ এটা চিন নিৰূপণ কৰি ক’লে, “চোৱা, যিহোৱাই কোৱা প্ৰমাণৰ চিন এই: এই যজ্ঞবেদী ফাটি ভাগ হৈ যাব, আৰু তাৰ ওপৰত থকা ভস্ম মাটিত ছটিওৱা হ’ব’।”

“যেতিয়া ফৰৌণে তোমালোকক ক’ব, তোমালোকে কোনো এটা আচৰিত কাৰ্য কৰি দেখুউৱা, তেতিয়া তুমি হাৰোণক ক’বা যে, তোমাৰ লাখুটি সাপ হ’বৰ বাবে, লাখুটিডাল ফৌৰণৰ সন্মুখত পেলোৱা।”

যীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, “তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই অধিকাৰ তোমাক কোনে দিলে?”

তেতিয়া ফৰীচী সকল ওলাই আহিল আৰু তেওঁৰে সৈতে তর্ক-বিতর্ক কৰিবলৈ ধৰিলে। তেওঁলোকে তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে স্বৰ্গৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।

এনেদৰে অনেক লোক তেওঁৰ ওচৰত গোট খোৱাত, তেওঁ ক’বলৈ ধৰিলে, “এই কালৰ মানুহ, দুর্জন মানুহ৷ ইহতে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে কিন্তু যোনাৰ চিনৰ বাহিৰে আন কোনো চিন ইহতক দিয়া নহব।

যোহনে এই সাক্ষ্য দিলে: ইহুদী সকলে যিৰূচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবীক যোহনৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি যোহনক সুধিলে, “আপুনি কোন?”

“আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেনেহলে কিয় বাপ্তিস্ম দিছে?”

তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব?

তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- “তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?”

“এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন