Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোহন 18:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া যিহূদায় প্ৰধান পুৰোহিত, ফৰীচী সকলৰ বিষয়া আৰু সৈন্যৰ দল এটাৰ সৈতে জোঁৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

মোৰ চাৰিওফালে যেন অনেক ভতৰাই বেৰি ধৰিছে; বাচানৰ শক্তিশালী ভতৰাবোৰে যেন মোক আগুৰি ৰাখিছে।

তেতিয়া চাকি লৈ, দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ’ব।

তেওঁলোকৰ ৰাতিৰ আহাৰ খোৱাৰ সময় হ’ল; ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।

তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু ইহুদী সকলৰ ৰখীয়াবোৰে যীচুক ধৰি বান্ধি,

সেই ঠাইতে দাস আৰু ৰক্ষকবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।

যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”

তেতিয়া প্ৰধান পুৰোহিত আৰু তেওঁলোকৰ বিষয়া সকলে যীচুক দেখি, আটাহ পাৰি ক’লে, “ক্রুচত দিয়ক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, “তোমালোকে নিজে এওঁক নি ক্রুচত দিয়াগৈ; কিয়নো মই এওঁত একো দোষ নাপালোঁ।”

লোক সকলে যে যীচুৰ বিষয়ে এনেবোৰ কথা কোৱা-কুই কৰি আছে, সেই বিষয়ে ফৰীচী সকলে শুনিবলৈ পালে। তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁক বন্দী কৰিবলৈ বিষয়া সকলক পঠিয়াই দিলে।

“হে ভাই সকল, ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহূদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মুখেৰে পূৰ্বতে প্রকাশ কৰিছিল।

চীজাৰিয়া নগৰত ইটালীয়া নামৰ সৈন্য দলৰ কৰ্ণীলিয় নামেৰে এজন এশৰ সেনাপতি আছিল৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন