Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোহন 11:54

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেয়ে, যীচুৱে তেতিয়া প্রকাশ্যে ইহুদী সকলৰ মাজত চলা-ফুৰা বন্ধ কৰি দিলে। তেওঁ সেই ঠাইৰ পৰা মৰুপ্রান্তৰৰ ওচৰৰ দেশত থকা ইফ্ৰয়িম নামেৰে এখন নগৰলৈ গ’ল আৰু তাত তেওঁ শিষ্য সকলৰ সৈতে থাকিল।

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

সম্পূর্ণ দুবছৰৰ পাছত ইফ্ৰয়িমৰ ওচৰত থকা বালহাচোৰত অবচালোমৰ লোকসকলে মেৰৰ নোম কটা কাম কৰি আছিল৷ তাতে অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক নিমন্ত্ৰণ কৰিলে।

পাছত অবিয়াই যাৰবিয়ামৰ পাছে পাছে খেদি গৈ, তেওঁৰ খনদিয়েক নগৰ অৰ্থাৎ বৈৎএল আৰু তাৰ উপনগৰ, যচানা আৰু তাৰ উপনগৰ আৰু ইফ্ৰোণ আৰু তাৰ উপনগৰবোৰ অধিকাৰ ল’লে।

পাছত যৰ্দ্দনৰ সিপাৰত য’ত যোহনে প্রথমতে বাপ্তিস্ম দিছিল, যীচু সেই ঠাইলৈ পুণৰ গ’ল আৰু তাতে থকিল।

যীচুৱে তেওঁক উত্তৰ দি ক’লে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।

তাৰ পাছত যীচুৱে গালীল প্রদেশৰ ভিন ভিন ঠাইত ঘূৰি ফুৰিলে। ইহুদী সকলে তেওঁক বধ কৰিবলৈ সুযোগ বিচাৰি থকা বাবে যীচুৱে যিহুদীয়া প্রদেশলৈ যাবলৈ ইচ্ছা নকৰিলে।

তেওঁৰ ভায়েক সকল পর্বলৈ গ’ল আৰু পাছত তেৱোঁ তালৈ গ’ল। কিন্তু তেওঁ মুকলিকৈ যোৱা নাছিল, গোপনে গ’ল।

কিন্তু ইহুদী সকলৰ ভয়ত তেওঁৰ বিষয়ে কোনেও মুকলিকৈ একো কথা নক’লে।

যদি কোনোবাই নিজে জনাজাত হ’ব বিচাৰে, তেনেহলে তেওঁ গোপনে একো নকৰে। তুমি যেতিয়া এইবোৰ কামকে কৰা, তেনেহলে জগতৰ সন্মুখত নিজকে দেখুউৱা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন