Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোহন 10:14

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ময়েই সজ মেষৰখীয়া; মই নিজৰ মেষবোৰক জানো আৰু মোৰ মেষবোৰেও মোক জানে;

অধ্যায়টো চাওক কপি কৰক

23 পৰস্পৰ সংযোগসমূহ  

কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।

তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।

তেওঁৰ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব। মোৰ ধাৰ্মিক দাসে অনেকক নির্দোষী প্রমাণ কৰিব, তেৱেঁই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব।

যিহোৱা মঙ্গলময়, সঙ্কটৰ দিনা তেওঁ দৃঢ় কোঁঠাস্বৰূপ; আৰু তেওঁত আশ্ৰয় লোৱা লোকসকলক তেওঁ জানে।

ময়েই সজ মেষৰখীয়া; সজ মেৰৰখীয়াই তেওঁৰ মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।

এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; মেৰবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে।

মোৰ মেৰবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;

এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।

কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলোঁ আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে, মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁলোকে সঁচাকৈ জানিলে আৰু তুমি যে মোক পঠালা সেয়াও বিশ্বাস কৰিলে।

যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।

মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক।

খ্রীষ্টৰ অদ্বিতীয় মহান প্রেম যেন আপোনালোকে উপলদ্ধি কৰিব পাৰে, তাতে ঈশ্বৰৰ সকলো পৰিপূর্ণতাৰে আপোনালোক পূর্ণ হব।

মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷

এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।

তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”

আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।

মই জানো তুমি ক’ত নিবাস কৰিছা; য’ত চয়তানৰ সিংহাসন আছে, তুমি তাতে নিবাস কৰিছা৷ তথাপি তুমি মোৰ নাম নিবিড় ভাবে ধাৰণ কৰিলা আৰু তোমাৰ বিশ্বাসত মোক অস্বীকাৰ নকৰিলা। তাত তেতিয়া চয়তানে নিবাস কৰিছিল৷ যিদিনা মোৰ সাক্ষী আন্তিপাক বধ কৰা হৈছিল, সেইদিনা মোৰ বিশ্বাসযোগ্য আছিলা।

তুমি কৰা কর্ম - তোমাৰ প্রেম, বিশ্বাস, সেৱা আৰু তোমাৰ সহিষ্ণু ধৈর্যশীলতা মই জানো; সাম্প্রতিক তোমাৰ যি পৰিচৰ্যা, সেয়াও প্রথম কর্মতকৈ অধিক।

তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো, যে, তুমি দুষ্ট সকলক সহিব নোৱাৰা; যি সকলে নিজকে পাঁচনি বোলে, কিন্তু পাঁচনি নহয়, তেওঁলোকক পৰীক্ষা কৰি অসত্য পালা৷

“মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্রতা (কিন্তু তুমি ধনী) আৰু এই নিন্দা, যিবোৰে কয়, তেওঁলোক ইহুদী (কিন্তু নহয়, তেওঁলোক চয়তানৰ স্থান)।

চাৰ্দ্দি থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনে ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা ধাৰণ কৰি আছে, তেওঁ এই কথা কয়, তুমি কৰা কৰ্ম মই জানো, তুমি যে জীয়াই আছা, তাত এটা খ্যাতি আছে; কিন্তু তুমি মৃত।

মই তুমি কৰা কৰ্ম জানো, তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল।

তোমাৰ কৰ্ম মই জানো৷ চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ৷ মই জানো যে, তোমাৰ অলপ শক্তি থকাতো মোৰ বাক্য পালন কৰি, মোৰ নাম অস্বীকাৰ নকৰিলা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন