Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোহন 1:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে কোন? আপুনি এলিয়া নেকি?” তেওঁ ক’লে, “নহয়, মই নহওঁ;” তেওঁলোকে ক’লে, “তেনেহলে আপুনি সেই ভাৱবাদী নেকি?” তেওঁ উত্তৰ দিলে, “নহওঁ।”

অধ্যায়টো চাওক কপি কৰক

12 পৰস্পৰ সংযোগসমূহ  

চোৱা, যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ পূর্বেই মই তোমালোকৰ ওচৰলৈ এলিয়া ভাববাদীক পঠাম।

অাপোনালোকে যদি এই কথা গ্ৰহণ কৰিব খোজে, তেনেহলে আহিব লগা যি এলিয়া, এই যোহনেই সেই জন।

তেওঁলোকে ক’লে, “কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷”

তাতে লোক সকলে ক’লে, “এওঁ গালীল প্ৰদেশৰ নাচৰতৰ পৰা অহা ভাৱবাদী যীচু।”

তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব।

তেতিয়া তেওঁলোকে তেওঁক ক’লে, “তেনেহলে আপুনি কোন হয়? আমাক কওক যাতে যি সকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰোঁ। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়?”

“আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেনেহলে কিয় বাপ্তিস্ম দিছে?”

যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাৱবাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাৱবাদী।”

এই সকলো কথা শুনি, লোক সকলৰ কোনো কোনোৱে ক’লে, “এওঁ সঁচাই সেই ভাৱবাদী।” আন কিছুমানে ক’লে, “এওঁ খ্ৰীষ্ট।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন