Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোন 1:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া যোনাই তেওঁলোকক ক’লে, “মোক দাঙি সমুদ্ৰত পেলাই দিয়ক, তেতিয়া আপোনালোকৰ বাবে সাগৰ শান্ত হ’ব; কিয়নো মই জানো যে, মোৰ কাৰণেহে আপোনালোকৰ ওপৰলৈ এই প্রবল ধুমুহা আহিছে।”

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

পাছত যি দূতে সংহাৰ কৰিছিল, দায়ূদে সেই দূতক দেখি যিহোৱাক ক’লে “মইহে পাপ কৰিলোঁ, মইহে অপৰাধী হলোঁ; কিন্তু এই মেৰ-ছাগবোৰে কি কৰিলে? মই বিনয় কৰোঁ, তোমাৰ হাত মোৰেই বিৰুদ্ধে আৰু মোৰ পিতৃ-বংশৰ বিৰুদ্ধে হওক!”

দায়ূদে ঈশ্বৰক ক’লে, “যি জনে লোকসকলক গণনা কৰিবলৈ আজ্ঞা দিলে, সেই জন জানো মই নহওঁ? মই এই পাপ কৰ্ম কৰিলোঁ, কিন্তু এই মেৰবিলাকে কি কৰিলে? হে মোৰ ঈশ্বৰ যিহোৱা, বিনয় কৰোঁ, আপোনাৰ হাতেৰে মোক আৰু মোৰ পৰিয়ালক শাস্তি দিয়ক, কিন্তু আপোনাৰ লোকসকলক মহামাৰীৰে শাস্তি নিদিব।”

তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে, আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হব পাৰে।

যুদ্ধৰ অস্ত্ৰ-শস্ত্রতকৈ প্রজ্ঞা উত্তম; কিন্তু এজন পাপীয়ে অনেক ভাল কার্য নষ্ট কৰে।

তেতিয়া তেওঁলোকে যোনাক সুধিলে, “এতিয়া আমাৰ বাবে সমুদ্র শান্ত হ’বলৈ আমি আপোনাক লৈ কি কৰিম?” কিয়নো সমুদ্ৰত তেতিয়া ধুমুহা ক্রমে তীব্রতৰ হ’বলৈ ধৰিছিল।

তথাপিও নাবিকসকলে সমুদ্রৰ তীৰ পাবৰ বাবে পুণৰায় বৰকৈ বাই যাবলৈ ধৰিলে, কিন্তু তেওঁলোক সফল নহ’ল। প্রচণ্ড ধুমুহা আৰু উত্তাল সমুদ্রৰ ঢৌ অধিক শক্তিশালী হৈ উঠিব ধৰিলে।

তোমালোকে ভাৱিও নোচোঁৱা যে, সকলোৰে লগত আমাৰ জাতিৰ বিনাশ হোৱাতকৈ, বৰং তোমালোকৰ পক্ষে সকলো লোকৰ কাৰণে এজন মানুহৰ মৃত্যু হোৱাই ভাল।”

আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’

সেই বাবে ইস্ৰায়েলৰ সন্তান সকলে শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিলে৷ তেওঁলোকে শত্ৰুবোৰলৈ পিঠি দিলে, কিয়নো তেওঁলোক বৰ্জিত হ’ল৷ তোমালোকে সেই বৰ্জিত বস্তু বিনষ্ট কৰি তোমালোকৰ মাজৰ পৰা দূৰ নকৰিলে, মই তোমালোকৰ লগত পুনৰ নাথাকিম।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন