যিৰি 9:23ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক। অধ্যায়টো চাওক |
সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ: যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয়, এনে নহয়; বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায়, এনে নহয়; পৰিবর্তে, সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্রভাৱান্বিত হয়।
এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”