আৰু তুমি ক’বা, মই বাবিললৈ যি অমঙ্গল ঘটাম, তাৰ কাৰণে বাবিল এইদৰে মগ্ন থাকিব, কেতিয়াও আৰু নুঠিব; “আৰু সিহঁত ক্লান্ত হ’ব”। যিৰিমিয়াৰ বাক্য ইমানলৈকে।
তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট, আৰু যৱৰ সলনি বন গজক। ইয়োবৰ বাক্য সমাপ্ত।
যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।
তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।
তুমি অনেক পৰামৰ্শৰ সৈতে ভাগৰি পৰিছা; সেই লোকসকলক ঠিয় হ’ব দিয়া যিসকলে গ্রহ নক্ষত্র আৰু তৰা গণনা কৰে তোমাক উদ্ধাৰ কৰিব, নতুন জোন ঘোষনা কৰাসকলক তোমালৈ যি যি ঘটিব, তাৰ পৰা তোমাক উদ্ধাৰ কৰিব দিয়া।
বোলে, “তুমি যি টঙালি কিনিলা, আৰু তোমাৰ কঁকালত আছে, তাক লোৱা, আৰু উঠি ফৰাতলৈ যাত্রা কৰা আৰু শিলৰ ফাটত তাক লুকুৱাই ৰাখা।”
পাছে তোমাৰ লগত যোৱা পুৰুষসকলৰ আগতে তুমি সেই টেকেলিতো ভাঙি পেলাবা,
ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আৰু তুমি তেওঁলোকক এই কথা ক’বা, তোমালোকে পান কৰি মতলীয়া হৈ বঁতিওৱা, আৰু তোমালোকৰ মাজলৈ মই যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে পতিত হোৱা, আৰু নুঠিবা’।”
বাবিলৰ ওপৰত সমুদ্ৰ উঠিল, তাৰ ঢৌসমুহেৰে তাক ঢকা হ’ল।
বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ বহল গড়বোৰ, নিঃশেষে বিনষ্ট হ’ব, আৰু তাৰ ওখ দুৱাৰবোৰ অগ্নিৰে পোৰা হ’ব আৰু লোকবিলাকে অসাৰৰ নিমিত্তে, আৰু জাতিবিলাকে অগ্নিৰ নিমিত্তে পৰিশ্ৰম কৰিব, আৰু সিহঁত ক্লান্ত হ’ব।
আৰু প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক প্ৰবঞ্চনা কৰে, সত্য নহয়; তেওঁলোকে মিছা কথা কবলৈ নিজ নিজ জিভাক শিকালে; তেওঁলোকে অপৰাধ কৰি নিজকে নিজে ভাগৰ লগায়।
জাতিবোৰৰ মাজত তোমাক জনা সকলোৱেই তোমাক দেখি বিস্ময় মানিব; তুমি ত্ৰাসৰ বিষয় হ’বা আৰু তোমাৰ অস্তিত্ব কেতিয়াও নাথাকিব’!”
এয়ে বাহিনীসকলৰ যিহোৱাৰ পৰা নহয় নে? লোকসকলে জুইৰ বাবে পৰিশ্ৰম কৰে, আৰু সেই দেশবাসীয়ে অসাৰ বস্তুৰ বাবে চিন্তিত হয়,
তাৰ পাছত প্ৰথম স্বৰ্গৰ দূত জনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক’লে, “যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহা-বাবিল পৰিল, পৰিল।”
তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে, “পৰিল, পৰিল সেই বাবিল মহা-নগৰ! তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে সকলো অশুচি আত্মাৰ কয়দখানা আৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই হ’ল।
পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে, “এইদৰে বাবিল মহা-নগৰক বলেৰে পেলোৱা হ’ব, আৰু কেতিয়াও দেখা নাযাব।