Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 50:24

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

হে বাবিল মই তোমাৰ নিমিত্তে ফান্দ পাতিলোঁ, তুমি নজনাকৈ তাত লাগিলা; তুমি যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰাৰ কাৰণে তোমাক পোৱা গ’ল,আৰু ধৰাও পৰিলা।

অধ্যায়টো চাওক কপি কৰক

17 পৰস্পৰ সংযোগসমূহ  

কাৰণ সি ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে।

দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।

তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?

ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?

তেতিয়া মোচি আৰু হাৰোণ ফৰৌণৰ ওচৰলৈ গ’ল, আৰু তেওঁক ক’লে, “ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি মোৰ আগত নম্ৰ হবলৈ কিমান সময়লৈকে অমান্তি হৈ থাকিবা? মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোক সকলক যাবলৈ এৰি দিয়া।

কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব। যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ বিপদ হঠাতে মানুহৰ ওপৰলৈ আহে আৰু তেওঁক ফান্দত পেলায়।

মই জগতখনক কুকাৰ্যৰ বাবে আৰু দুষ্টবোৰক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম, মই অহঙ্কাৰীবোৰৰ দৰ্প শেষ কৰিম, আৰু কঠিন হৃদয়ৰ লোকসকলৰ অহংকাৰ নাশ কৰিম।

যি কোনোৱে নিজৰ নিৰ্মাণকৰ্ত্তাৰ লগত বাদানুবাদ কৰে, তেওঁৰ সন্তাপ হ’ব! তেওঁ পৃথিবীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন! ‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে ক’ব? বা ‘তুমি কি বনাইছা- যেতিয়া তুমি এইটো কৰিছিলা তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি?’ তাৰ হাত নাই, এই বুলি জানো তোমাৰ সজা বস্তুৱে ক’ব?

যিহোৱাই কৈছে, হে মোৱাব নিবাসী লোক, তোমাৰ বাবে আপদ, গাত আৰু ফান্দ নিৰূপিত আছে।”

“যি কোনোৱে সেই আপদৰ পৰা পলাব, তেওঁ সেই গাতত পৰিব আৰু যি কোনোৱে সেই গাতৰ পৰা উঠিব, তেওঁ সেই ফান্দত ধৰা পৰিব; কিয়নো যিহোৱাই কৈছে, মই তেওঁৰ ওপৰত, মোৱাবৰেই ওপৰত প্ৰতিফল দিয়াৰ বছৰ আনিম।”

আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক, আৰু তাৰ বাৰবিলাকক, মতলীয়া কৰিম; আৰু বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ সাৰ নাপাব।

বাবিল অকস্মাৎ পতিত হৈ বিনষ্ট হ’ল; তোমালোকে তাৰ নিমিত্তে হাহাকাৰ কৰা, তাৰ বেদনাৰ নিমিত্তে সুস্থজনক গছৰ ৰস লোৱা, কিজানি সি সুস্থ হ’ব পাৰে।

ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন