Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 5:1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

“তোমালোকে যিৰূচালেমৰ বাটে বাটে ইফালে সিফালে লৰি ফুৰা আৰু মন দি চোৱা, আৰু তাৰ চুকে চুকে বিচাৰা, ন্যায় কাৰ্যকাৰী আৰু সত্যৰ অনুগামী এজনকো যদি পোৱা, তেন্তে মই নগৰখনক ক্ষমা কৰিম।

অধ্যায়টো চাওক কপি কৰক

29 পৰস্পৰ সংযোগসমূহ  

তেতিয়া এলিয়াই উত্তৰ দিলে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে, ভাববাদীসকলক তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”

কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।”

হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।

যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।

তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল; সকলো উচ্ছৃঙ্খল হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।

কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব?

বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে; কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়?

সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; প্রজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।

তাৰ উপৰিও নগৰৰ প্ৰবেশস্থানত, আৰু নগৰৰ দুৱাৰৰ ওচৰত থাকি ৰিঙিয়াই কয়,

মই ভাবিলোঁ, “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম; ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম; তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।” মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ।

কোনেও ধাৰ্মিকতাৰে গোচৰ নকৰে, আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে; তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে, আৰু মিছা কথা কয়, তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্ম প্ৰসৱ কৰে।

যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লগত প্ৰতিবাদ কৰিছা? তোমালোক সকলোৱেই মোলৈ বিদ্রোহ আচৰণ কৰিছা?

তেতিয়া যি সকলো পুৰুষে, তেওঁলোকৰ ভাৰ্য্যাসকলে ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছে বুলি জানিছিল, তেওঁলোকে আৰু ওচৰত থকা মহিলাসকলৰ মহা সমাজে, অৰ্থাৎ মিচৰ দেশত থকা আটাই লোকসকলে পথ্ৰোচত যিৰিমিয়াক উত্তৰ দিলে।

মই কাণ পাতি শুনিলোঁ; তেওঁলোকে যথাৰ্থ কথা নক’লে; “মই কি কৰিলোঁ?” এই বুলি কৈ কোনো মানুহে নিজ দুষ্টতাৰ নিমিত্তে খেদ নকৰে, যুদ্ধলৈ অতি বেগেৰে লৰ মাৰি যোৱা ঘোঁৰাৰ দৰে, তেওঁলোক প্ৰতিজনে নিজ নিজ পথলৈ ঘুৰে।

অহ, মোৰ জাতি এৰি তেওঁলোকৰ পৰা আঁতৰি যাবৰ বাবে, অৰণ্যত পথিকসকলৰ ৰাতি থকা ঠাই মোৰ হোৱা হ’লে কেনে ভাল আছিল! কিয়নো তেওঁলোক সকলোৱেই ব্যভিচাৰী, বিশ্বাসঘাতক লোকৰ সমাজ।

এই হেতুকে বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই তেওঁলোকক গলাই পৰীক্ষা কৰিম আৰু নিৰীক্ষণ কৰিম; কিয়নো মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাৰণে মই আন কি কৰিব পাৰোঁ?

আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।

তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’

কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ গোপনে ৰাখা আৰু এই পুস্তকত মোহৰ মাৰা। অনেক লোক ইফালে সিফালে দৌৰিব, আৰু জ্ঞান বৃদ্ধি হ’ব।”

সিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায়, আৰু চোৰৰ দৰে খিড়িকিয়েদি সোমায়।

লোকসকলে যিহোৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে আৰু উত্তৰৰ পৰা পূবলৈকে ভ্ৰমণ কৰি ইফালে সিফালে ঘূৰি ফুৰিব। কিন্তু তাক নাপাব।

আৰু দ্বিতীয় দূতজনে তেওঁক ক’লে, “তুমি বেগাই যোৱা আৰু সেই ডেকাক এই কথা কোৱা, ‘যিৰূচালেম গড় নোহোৱা গাওঁৰ নিচিনা বসতিস্থান হ’ব; যিৰূচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে।

তেতিয়া সেই দাসে মহাশয়ৰ আগত লোক সকলে কোৱাৰ দৰে আহি সম্বাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক কলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এনে লোক সকলক ইয়ালৈ মাতি আনাগৈ।

বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহণ নকৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন