Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 46:11

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

হে কুমাৰী মিচৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা। তুমি বৃথা অনেক ঔষধ ব্যৱহাৰ কৰিছা, তোমাৰ কোনো সুস্থতা নাই।

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত তেওঁলোকে ভোজন কৰিবলৈ বহিল; তেনেতে তেওঁলোকে চকু তুলি চাই দেখিলে যে, গিলিয়দৰ পৰা ইশ্মায়েলীয়া এক ব্যৱসায়ী দল আহি আছে। উটৰ পিঠিত তেওঁলোকে মা-মচলা, বিষ নিৰাময়ৰ সুগন্ধি মলম আৰু গন্ধৰস লৈ মিচৰ দেশলৈ নামি যাবলৈ আহি আছিল।

তেওঁলোকৰ পিতৃ ইস্ৰায়েলে তেতিয়া ক’লে, “যদি সেয়ে কৰিব লাগে, তেন্তে এতিয়া এটা কাম কৰা। সেই লোকৰ কাৰণে উপহাৰ হিচাবে তোমালোকৰ নিজৰ নিজৰ বস্তাত এই দেশৰ সকলোতকৈ উত্তম দ্ৰব্যবোৰৰ কিছু কিছু লৈ যোৱা; যেনে, কিছু বিষ নিৰাময়ৰ মলম, মৌজোল, মা-মচলা, গন্ধৰস, পেস্তা আৰু বাদাম।

হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা; হে কলদীয়া জীয়াৰী, সিংহাসনৰ অবিহনে, মাটিত বহা। তোমাক ধুনীয়া আৰু লাহী বুলি পুনৰায় কোৱা নাযাব।

তুমি তেওঁলোকক এই কথা কোৱা, দিনে-ৰাতিয়ে মোৰ চকুৰ পৰা ধাৰেৰে পানী বৈ থাকক, নাথামক। কিয়নো মোৰ জাতিস্বৰূপা কুমাৰী জীয়াৰী মহা-আঘাতত, আৰু অত্যন্ত কষ্টদায়ক প্ৰহাৰত ভগ্ন হ’ল।

তুমি ঠায়ে ঠায়ে নিজৰ কাৰণে বাটৰ চিন ৰাখা। তোমাৰ বাট দেখুউৱা খুঁটা স্থাপন কৰা; তুমি যি সুপথে গৈছিলা, সেই পথ মনত ৰাখা, যি পথটো তুমি ল’বা। হে কুমাৰী ইস্ৰায়েল! ওলোটা, পুনৰায় তোমাৰ এই নগৰবোৰলৈ উলটি আহাঁ।

হে কুমাৰী ইস্ৰায়েল, মই তোমাক পুনৰ নিৰ্ম্মাণ কৰিম, তাতে তুমি নিৰ্ম্মিত হ’বা। তুমি তোমাৰ খঞ্জৰীৰে পুনৰায় ভুষিতা হ’বা, আৰু আমোদকাৰীসকলৰ লগত নাচিবাগি ওলাই যাবা।

বাবিল অকস্মাৎ পতিত হৈ বিনষ্ট হ’ল; তোমালোকে তাৰ নিমিত্তে হাহাকাৰ কৰা, তাৰ বেদনাৰ নিমিত্তে সুস্থজনক গছৰ ৰস লোৱা, কিজানি সি সুস্থ হ’ব পাৰে।

গিলিয়দ প্রদেশত জানো ঘা সুস্থ কৰা গছৰস নাই? বা তাত জানো চিকিৎসক নাই? তেন্তে মোৰ জাতিস্বৰূপা জীয়াৰীৰ ঘা কিয় সুস্থ হোৱা নাই?

যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ লগত বেপাৰী আছিল। তেওঁলোকে মিন্নীতৰ ঘেঁহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ বয়-বস্তু লৈছিল।

তেওঁৰ ঘাঁবোৰ সুস্থ হ’ব নোৱাৰাৰ কাৰণে; সেইবোৰ যিহূদালৈকে আহিল। সেই ঘাঁবোৰ যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে।

তোমাৰ ঘা সুস্থ হ’বলৈ কোনো সম্ভাৱনা নাই। তোমাৰ ঘা অত্যন্ত। তোমাৰ বিষয়ে বাৰ্ত্তা শুনা সকলোৱে তোমালৈ হাত-তালি দিব; কাৰণ কোনে তোমাৰ অনৰ্গল দুষ্কৰ্মৰ পৰা মুক্তি পাইছে?

মই তোমালোকক স্বৰূপকৈ কওঁ, যেতিয়ালৈকে দিবলগীয়া ধনৰ শেষ পইচাটি পর্যন্ত আদায় নিদিয়া, তেতিয়ালৈকে তোমালোকে তাৰ পৰা কোনোমতে ওলাব নোৱাৰিবা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন