Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 42:6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি পালন কৰিলে আমাৰ মঙ্গল কাৰণে, আমি যিজনৰ ওচৰলৈ তোমাক পঠিয়ালোঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাৰ বাক্য ভাল বা বেয়া হওঁক, আমি তাক পালন কৰিম।”

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা, তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।

কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে, জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,

তেওঁ নিয়ম-পুস্তকখন ল’লে লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক’লে, “যিহোৱাই যি যি সকলো কৈছে, সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হম।”

তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।

এৰচ কাঠৰ কথাত জিকিবলৈ চেষ্টা কৰাৰ কাৰণে জানো তুমি ৰাজত্ব কৰি থাকিবা? তোমাৰ পিতৃয়ে জানো ভোজন-পান কৰা আৰু বিচাৰ ও ন্যায় সিদ্ধ কৰা নাছিল? তাতে তেওঁৰ মঙ্গল হৈছিল।

এই হেতুকে কাৰেহৰ পুতেক যোহানন আদি ফৌজৰ কোনো সেনাপতিয়ে আৰু প্ৰজাসকলৰ কোনেও যিহূদা দেশত বাস কৰিবলৈ যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।

কিন্তু তেওঁলোকক এই আজ্ঞাহে দিছিলোঁ! যে, তোমালোকে মোৰ বাক্য শুনা, তেতিয়া মই তোমালোকৰ ঈশ্বৰ হ’ম, আৰু তোমালোক মোৰ প্ৰজা হ’বা; আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা কৰোঁ, তোমালোকৰ ভালৰ অৰ্থে তোমালোকে সেই পথত চলা।

তেনেহলে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হ’ল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয়, এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হ’ল।

তেনেহলে আমি কি ক’ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই মই বিষয়ে আগতে নাজানিছিলোঁ; কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালোঁ৷ “কিয়নো তুমি লোভ নকৰিবা,” বিধানে ইয়াক নোকোৱা হ’লে, লোভ নো কি সেই বিষয়ে নাজানিলোহেঁতেন৷

কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে৷

আপুনি, আপুনিয়েই ওচৰলৈ গৈ, আমাৰ ঈশ্বৰ যিহোৱাই কোৱা সকলো কথা শুনি আঁহক; তেওঁ আপোনাক যি যি ক’ব, সেই সকলো কথা আমাক জনায় দিব; আমি সেইবোৰ শুনি সেইদৰে চলিম।’

মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; তাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তান সকল চিৰকাল কুশলে থাকিব!

আপোনালোক যেন জীয়াই থাকিব পাৰে, আপোনালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ আপোনালোকে অধিকাৰ কৰিব, তাত যেন অনেক কাল জীয়াই থাকিব পাৰে, সেইবাবে আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত আপোনালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে আপোনালোক চলিব।”

লোকসকলে যিহোচূৱাক ক’লে, “আমি ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন