Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 40:4

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এতিয়া চোৱা! আজি মই তোমাক, তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ; তুমি যদি মোৰ লগত বাবিললৈ যাবলৈ ভাল দেখা, তেন্তে আহাঁ, মই তোমালৈ দৃষ্টি ৰাখিম; আৰু যদি মোৰ লগত বাবিললৈ যাবলৈ বেয়া দেখা, তেন্তে নালাগে। চোৱা, গোটেই দেশ তোমাৰ আগত আছে, যি ঠাইলৈ যোৱা তোমাৰ পক্ষে ভাল আৰু সুবিধাজনক, তালৈকে যোৱা।”

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

গোটেই দেশখনেই জানো তোমাৰ আগত নাই? সেয়ে তুমি মোৰ পৰা বেলেগ হোৱা উচিত; তুমি বাওঁহাতে গ’লে, মই সোঁহাতে যাম; নাইবা তুমি সোঁহাতে গ’লে মই বাওঁহাতে যাম।”

অবীমেলকে ক’লে, “চোৱা, মোৰ দেশখনেই আপোনাৰ আগত আছে; আপোনাৰ যি ঠাইতে ভাল লাগে, তাতে নিগাজীকৈ থাকক।”

পাছত আপুনি আপোনাৰ এই দাসবোৰক কৈছিল, ‘তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰো।’

মিচৰ দেশখনেই তোমাৰ সন্মুখত আছে। দেশৰ সকলোতকৈ উত্তম ঠাইত তোমাৰ পিতৃ আৰু ভাই-ককাইসকলক থাকিবলৈ দিয়া। তেওঁলোক গোচনতে বাস কৰক। তেওঁলোকৰ মাজত কোনো যোগ্য লোকক যদি জানা, তেন্তে মোৰ পশুধনৰো দায়িত্ব তেওঁলোকৰ ওপৰত দিয়া।”

ৰজাই হামনক ক’লে, “আপোনাক আৰু আপোনাৰ লোকসকলক যাতে ধন ঘূৰাই দিয়া হয়, সেই বিষয়ে মই লক্ষ্য কৰিম। আপুনি যি ইচ্ছা কৰে, এই ধনেৰে কৰিব পাৰিব।”

তেতিয়া যিৰিমিয়াই ক’লে, “এয়ে মিছা কথা, মই কলদীয়াসকলৰ ফলিয়া হ’বলৈ নাযাও।” তথাপি যিৰিয়াই তেওঁৰ কথা নুশুনি, তেওঁক ধৰি প্ৰধান লোকসকলৰ গুৰিলৈ লৈ গ’ল।

মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন