Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 40:11

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া বাবিলৰ ৰজাই যিহূদাৰ এটি অৱশিষ্ট ভাগ এৰি যোৱা কথা আৰু তেওঁলোকৰ ওপৰত চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা পতা কথা যেতিয়া মোৱাবত, অম্মোনৰ সন্তান সকলৰ মাজত আৰু ইদোম আদি সকলো দেশত থকা আটাই যিহূদীসকলে শুনিবলৈ পালে,

অধ্যায়টো চাওক কপি কৰক

23 পৰস্পৰ সংযোগসমূহ  

সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।

তথাপিও তেওঁলোকে পশ্চিম ফালে থকা পলেষ্টীয়াসকলৰ পাহাৰবোৰ অৱৰোধ কৰিব; আৰু তেওঁলোক দুয়ো একেলগে পূব দিশৰ লোকসকলক লুট কৰিব। তেওঁলোক ইদোম আৰু মোৱাবক আক্রমণ কৰিব; আৰু অম্মোনৰ লোকসকল তেওঁলোকক মানি চলিব।

মোৱাবৰ পৰা অহা শৰণাৰ্থী সকলক তোমালোকৰ লগত বাস কৰিবলৈ দিয়া; বিনাশৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বাবে লুকাই থকা ঠাই হোৱা।” কিয়নো অত্যাচৰ, আৰু ধ্বংস বন্ধ কৰা হ’ব; অপমান কৰা সকল দেশৰ পৰা অদৃশ্য হ’ব।

এনে কি, অমঙ্গলৰ অৰ্থে মই তেওঁলোকক পৃথিৱীৰ সকলো ৰাজ্যত ত্ৰাসৰ বিষয় হ’বলৈ, আৰু যি যি ঠাইলৈ তেওঁলোকক খেদিম, সেই সকলো ঠাইত তেওঁলোকক অপমান, দৃষ্টান্ত, বিদ্ৰূপ, আৰু শাওৰ বিষয় হ’বলৈ দিম।

পাছত ইশ্মায়েলে মিস্পাত অৱশিষ্ট থকা সকলো লোকক, নবুজৰদান ৰক্ষক-সেনাপতিয়ে অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গতাই দিয়া ৰাজবংশীয় জীয়াৰীসকল আদি কৰি মিস্পাত অৱশিষ্ট থকা সকলো লোকক বন্দী কৰি নিলে; নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকক বন্দী কৰি লৈ অম্মোনৰ সন্তান সকলৰ ওচৰলৈ যাবলৈ প্ৰস্থান কৰিলে।

কিন্তু যি যি জাতিৰ মাজলৈ যিহূদাৰ লোকসকলক খেদাই দিয়া হৈছিল, যিহূদা দেশত প্ৰবাস কৰিবলৈ, সেই সেই জাতিৰ পৰা উলটি অহা যিহূদাৰ আটাই অৱশিষ্ট ভাগক লৈ গৈছিল।

অৰ্থাৎ পুৰুষ, মহিলা, ল’ৰা, ছোৱালী আৰু ৰাজকুমাৰী আদি চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত নবুজৰদান ৰক্ষক-সেনাপতিয়ে গতাই দিয়া সকলো লোকক, যিৰিমিয়া ভাববাদীক আৰু নেৰিয়াৰ পুত্ৰ বাৰুকক কাৰেহৰ পুতেক যোহানন আৰু ফৌজৰ আন সকলো সেনাপতিয়ে লগত লৈ গ’ল; আৰু তেওঁলোক মিচৰ দেশত সোমাল।

মই মিচৰ, যিহূদা, ইদোম, অম্মোনৰ সন্তান সকল, মোৱাব আৰু কুমৰ গুড়িত ডাঢ়ি-চুলি কটা অৰণ্য-নিবাসী লোকসকলক দণ্ড দিম। কিয়নো সেই আটাই জাতি সমূহ অচুন্নৎ, আৰু ইস্ৰায়েলৰ গোটেই বংশ হৃদয়পালটন কৰা লোক নহয়।”

প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।”

“হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তান সকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।

কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা।

প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা! যিহূদা-বংশ আন সকলো জাতিৰ দৰেই হ’ল!”

মোৰ মেৰ-ছাগবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ মেৰ-ছাগবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।”

ইস্ৰায়েল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’!”

কিয়নো ইস্রায়েলৰ সন্তান সকলৰ প্রতি তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, তেওঁলোকৰ আপদৰ কালতেই তুমি তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিলা -

তোমাৰ তিনি ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।

কিন্তু তুমি অলপ সংখ্যক চুলি ল’বা আৰু তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা।

যৰ্দ্দন নদীৰ পৰা আনফালে যিৰীহোৰ ওচৰত থকা মোৱাবৰ সমথলত ছাউনি নপতালৈকে ইস্ৰায়েলৰ সন্তান সকলে যাত্রা কৰি আছিল।

পাছত ইস্ৰায়েলে চিটীমত বাস কৰিলে আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,

কিয়নো সেই জীয়ৰীসকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিছিল। তেতিয়া লোকসকলে ভোজন কৰি তেওঁলোকৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে।

অম্মোনীয়া নাহচে উঠি আহি যাবেচ-গিলিয়দৰ বিৰুদ্ধে ছাউনি পাতিলে। যাবেচৰ আটাই লোকে নাহচক ক’লে, “আপুনি আমাৰ সৈতে এটা চুক্তি কৰক; তেতিয়াহে আমি আপোনাৰ অধীনত থাকিম।”

অম্মোনৰ সন্তান সকলৰ ৰজা নাহচ যেতিয়া তোমালোকৰ অহিতে ওলাই অহা দেখিলা, তেতিয়া তোমালোকে মোক ক’লা, ‘নহয় যদিও তোমালোকৰ ঈশ্ৱৰ যিহোৱা তোমালোকৰ ৰজা আছিল, তথাপিও তোমালোকে ৰাজত্ৱ কৰিবলৈ এজন ৰজা বিচাৰিলা’।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন