Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 39:8

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত কলদীয়াসকলে ৰাজগৃহ আৰু প্ৰজাসকলৰ ঘৰবোৰ জুই দি পুৰিলে আৰু যিৰূচালেমৰ গড়বোৰ ভাঙি পেলালে।

অধ্যায়টো চাওক কপি কৰক

25 পৰস্পৰ সংযোগসমূহ  

বেবিলনৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ পঞ্চম মাহৰ সপ্তম দিনা, বাবিলৰ ৰজা নবুখদনেচৰৰ ৰজাৰ এজন দাস দেহৰক্ষীৰ অধিনায়ক নবুজৰদান যিৰূচালেমলৈ আহিল।

আৰু তেওঁৰ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভষ্ম কৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে।

তেতিয়া তেওঁলোকে মোক ক’লে, “বন্দীত্বৰ পৰা ৰক্ষা পোৱা লোকসকল সমস্যা আৰু অপমানেৰে জৰ্জৰিত হৈ আছে। কিয়নো যিৰূচালেমৰ দেৱাল ভাঙি মুকলি হৈ আছে আৰু দুৱাৰবোৰ জুইৰে পোৰা হৈছে।”

কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে, তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।

বাহিনীসকলৰ যিহোৱাই মোক কৈছিল, “অনেক ঘৰ খালী হৈ থাকিব, এনে কি, ডাঙৰ আৰু সুন্দৰ ঘৰবোৰতো কোনো প্ৰাণী বাস নকৰাকৈ থাকিব।

কিন্তু যদি তোমালোকে বিশ্ৰাম-দিন পবিত্ৰ কৰিবলৈ আৰু বিশ্ৰাম-বাৰে বোজা বৈ যিৰূচালেমৰ দুৱাৰেদি লোকসকলক সোমাবলৈ দিয়া আৰু মোৰ আজ্ঞালৈ কাণ নিদিয়া, তেন্তে মই তাৰ দুৱাৰবোৰত অগ্নিৰে প্রজ্বলিত কৰিম, সেয়ে যিৰূচালেমৰ অট্ৰালিকাবোৰ গ্ৰাস কৰিব, সেইবোৰ নুনুমাব’।”

কিয়নো যিহোৱাই কৈছে, মই মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে এই নগৰৰ অহিতে মুখ কৰিছোঁ; ইয়াক বাবিলৰ ৰজাৰ হাতত দিয়া যাব, আৰু তেওঁ ইয়াক অগ্নিৰে দগ্ধ কৰিব’।”

আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।

“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘তুমি যোৱা, আৰু যিহূদাৰ ৰজা চিদিকিয়াৰ লগত কথা হৈ তেওঁক কোৱা, “যিহোৱাই এইদৰে কৈছে: চোৱা, মই বাবিলৰ ৰজাৰ হাতত এই নগৰখন সমৰ্পণ কৰিম, আৰু তেওঁ এই নগৰখন জুইৰে দগ্ধ কৰিব;

চোৱা, মই তোমালোকক এটা আজ্ঞা কৰিম” - এয়ে যিহোৱাৰ ঘোষণা - মই তেওঁলোকক পুনৰায় এই নগৰৰ অহিতে যুদ্ধ কৰি, ইয়াক হাত কৰি লৈ, জুই দি পুৰিবলৈ, তেওঁলোকক এই নগৰলৈ ঘূৰাই আনিম। কিয়নো মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।

কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”

কিন্তু যদি বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নোযোৱা, তেন্তে এই নগৰ কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁলোকে ইয়াক জুইৰে পুৰি পেলাব আৰু তুমিও তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ নাপাবা।

তোমালোকে তাইৰ দ্রাক্ষাবাৰীবোৰ পাৰ হৈ তাক নষ্ট কৰা। কিন্তু নিঃশেষে সংহাৰ নকৰিবা। তাৰ ডালবোৰ দূৰ কৰা, কাৰণ সেইবোৰ যিহোৱাৰ নহয়।

এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ, আৰু ভুমিৰ ফল, এই সকলোৰে মোৰ ক্ৰোধ আৰু ক্রোধাগ্নি ঢলা যাব আৰু সেয়ে দগ্ধ কৰিব, নুমাই নাযাব।

শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে। যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল, তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে।

প্ৰভুৱে দয়া নকৰি যাকোবৰ সকলো নগৰবোৰ গ্ৰাস কৰিলে। তেওঁ নিজ ক্ৰোধত যিহূদা-জীয়াৰীৰ দু্ৰ্গবোৰ ভাঙি পেলালে; তেওঁ সেইবোৰক অপমানেৰে মাটিৰ সমান কৰিলে, সেই ৰাজ্য আৰু তাইৰ ৰাজকুমাৰসকলক অপবিত্ৰ কৰিলে।

প্ৰভুৱে তেওঁৰ যজ্ঞবেদী অগ্রাহ্য কৰিলে; আৰু তেওঁৰ পবিত্ৰ স্থান ঘিণ কৰিলে। তেওঁ তাইৰ অট্টালিকাৰ গড়বোৰ শত্ৰুৰ হাতত সমৰ্পণ কৰিলে। তেতিয়া তেওঁলোকে পৰ্ব্বদিনৰ নিচিনাকৈ যিহোৱাৰ গৃহত জয়েৰে কোলাহল কৰিলে।

এইদৰে অনেক স্ত্রীৰ আগত তোমাক দণ্ড দিব; এইদৰে মই তোমাক বেশ্যাকৰ্ম কৰাৰ পৰা এৰুৱাম, তুমি বেশ্যাৰ বেচ আৰু নিদিবা।

তেতিয়া সেই সমাজে তেওঁলোকলৈ শিল দলিয়াব আৰু নিজ নিজ তৰোৱালেৰে তেওঁলোকক ডোখৰ ডোখৰ কৰিব। তেওঁলোকে তেওঁলোকৰ পো-জীবোৰক বধ কৰিব, আৰু জুই লগাই তেওঁলোকৰ ঘৰবোৰ পুৰি পেলাব।

আমি দেশান্তৰিত হোৱাৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ পঞ্চম দিনা যিৰূচালেমৰ পৰা ওলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি মোক ক’লে, “নগৰখন শত্ৰুৰ হাতত পৰিল!”

সেইবাবে মই যিহূদাৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম আৰু সেয়ে যিৰূচালেমৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।

এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন