তেতিয়া লোকসকলে শুনিবলৈ বাৰুকে পুথিখন পাঠ কৰা সময়ত মীখায়াই যি সকলো বাক্য শুনিছিল, তেওঁ তাক তেওঁলোকৰ আগত প্ৰকাশ কৰিলে।
লেখক চাফনে ৰজাক এই কথাও জনালে, “প্রধান পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিছে।” এইবুলি কৈ চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।
“যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমঙ্গল ঘটাম, অৰ্থাৎ যিহূদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ’ল, তাৰ মাজত লিখা সকলো শাও লৈ আনিম;
আৰু চাফনৰ নাতিয়েক গমৰিয়াৰ পুত্ৰ মীখায়াই সেই পুথিখনৰ পৰা যিহোৱাৰ সকলো বাক্য শুনিলে।
শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল।