যিৰি 3:24ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019কিন্তু সেই লজ্জাজনক বাল দেৱতাই, আমাৰ লৰা কালৰে পৰা আমাৰ পিতৃসকলৰ শ্ৰমেৰে অৰ্জ্জা সম্পত্তি, তেওঁলোকৰ গৰু, মেৰ আদি জাক আৰু তেওঁলোকৰ লৰা-ছোৱালী সকলক গ্ৰাস কৰিলে। অধ্যায়টো চাওক |
যিহোৱাই কৈছে, “মৰুভূমিত পোৱা দ্ৰাক্ষাগুটিৰ নিচিনাকৈ মই ইস্ৰায়েলক বিচাৰি পালোঁ; প্রথম ঋতুৰ প্ৰথমে ফল ধৰা ডিমৰু গছৰ গুটিৰ নিচিনাকৈয়ে মই তোমালোকৰ পূৰ্বপুৰুষসকলক দেখা পাইছিলোঁ; কিন্তু তেওঁলোকে বাল-পিয়োৰৰ ওচৰলৈ গৈ সেই লজ্জাপূর্ণ মূর্তিটোৰ উদ্দেশে নিজকে দিছিল; তাতে তেওঁলোকৰ প্রিয় মূর্তিটোৰ দৰেই তেওঁলোক ঘৃণিত হৈ পৰিল।