মেৰ-ছাগ ৰখীয়াবোৰৰ কাতৰোক্তি আৰু মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলৰ হাহাঁকাৰৰ শব্দ শুনা গৈছে; কিয়নো যিহোৱাই তেওঁলোকৰ চৰণীয়া ঠাই উচ্ছন্ন কৰিছে।
তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞঁৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে!
হে মেৰ-ছাগ ৰখীয়াবোৰ, তোমালোকে হাহাঁকাৰ আৰু কাতৰোক্তি কৰা; আৰু হে মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকল, তোমালোক ছাইত বাগৰা। কিয়নো তোমালোকৰ হত্যাৰ দিন আহি পৰিল; মই তোমালোকক ছিন্ন-ভিন্ন কৰিম, তাতে তোমালোক মনোহৰ পাত্ৰৰ দৰে পতিত হবা।
মেৰ-ছাগ ৰখীয়াবোৰে পলাবলৈ, বা মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলে ৰক্ষা পাবলৈ বাট নাপাব।
আৰু যিহোৱাৰ ক্ৰোধৰ কাৰণে শান্তিপূৰ্ণ মেৰ-ছাগৰ গঁৰালবোৰ নিস্তব্ধ হ’ল।
এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাঁকাৰ কৰি ক্রন্দন কৰা আৰু দেখুউৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখিত কিয়নো যিহোৱাৰ জলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই।
মেৰ-ছাগ ৰখীয়াবোৰৰ মাতে চিঞৰিছে, কিয়নো তেওঁলোকৰ গৌৰৱ ধ্বংস-প্রাপ্ত হ’ল! যুৱা সিংহবোৰ গৰ্জি উঠিছে, কিয়নো যৰ্দ্দনৰ গৌৰৱ উচ্ছন্ন হ’ল।