যিৰি 24:9ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019এনে কি, অমঙ্গলৰ অৰ্থে মই তেওঁলোকক পৃথিৱীৰ সকলো ৰাজ্যত ত্ৰাসৰ বিষয় হ’বলৈ, আৰু যি যি ঠাইলৈ তেওঁলোকক খেদিম, সেই সকলো ঠাইত তেওঁলোকক অপমান, দৃষ্টান্ত, বিদ্ৰূপ, আৰু শাওৰ বিষয় হ’বলৈ দিম। অধ্যায়টো চাওক |
এই কাৰণে যিহোৱাই এই কথা কৈছে: “তোমালোক প্ৰতিজনে নিজ নিজ ভাইৰ আগত, প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰিবলৈ মোলৈ কাণ নিদিলা; গতিকে চোৱা, মই এতিয়া তোমালোকৰ মুক্তি ঘোষণা কৰিম” - যিহোৱাৰ ঘোষণা এই, মইও তৰোৱাল, মহামাৰী, আৰু আকাললৈ তোমালোকৰ আগত মুক্তি ঘোষণা কৰিছোঁ, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তোমালোকক ত্ৰাসৰ বিষয় কৰিম।
আৰু এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমাবলৈ মুখ কৰা যিহূদাৰ অৱশিষ্ট ভাগক মই ধৰিম, তেতিয়া তেওঁলোকৰ সকলো উচ্ছন্ন হ’ব; তেওঁলোক এই মিচৰ দেশতেই পতিত হ’ব; তেওঁলোক তৰোৱাল আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; সৰুৰ পৰা বৰলৈকে তেওঁলোক তৰোৱালত আৰু দুৰ্ভিক্ষত মৰা পৰিব; আৰু তেওঁলোক শাও, বিস্ময়, অভিশাপ, আৰু ধিক্কাৰৰ বিষয় হ’ব।