আৰু নগৰ অৱৰোধ কৰা সময়ত, শত্ৰূবোৰৰ আৰু প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ দ্বাৰাই ঘটা সঙ্কটৰ কালত, মই তেওঁলোকক নিজ নিজ পো-জীৰ মাংস ভোজন কৰিব আৰু তেওঁলোকে নিজ নিজ বন্ধুৰ মাংস খাব’।”
সেই বছৰৰে চতুৰ্থ মাহৰ নৱম দিনা নগৰত ইমান ভীষণভাৱে আকাল হ’ল যে, দেশৰ লোকসকলৰ কাৰণে খাবলৈ একোৱে নাছিল।
তেওঁলোকে সোঁ হাতেৰে মাংস টুকুৰা কৰিব, তথাপিও ভোকত থাকিব; তেওঁলোকে বাঁও হাতেৰে মাংস ভোজন কৰিব, কিন্তু সন্তুষ্ট নহ’ব; তেওঁলোক প্ৰতিজনে নিজৰ বাহুৰ মাংস খাব।
মই পৰস্পৰক, এনে কি, বাপেক-পুতেকহঁতক লগ লগাই খুন্দিয়া-খুন্দি কৰোৱাম; যিহোৱাৰ এইয়েই ঘোষণা যে - মই যে তেওঁলোকক নষ্ট নকৰিবৰ মনেৰে তেওঁলোকক মৰম, দয়া, কি অনুগ্ৰহ কৰিম, এনে নহ’ব।
“হে মোৰ প্ৰভু মহাৰাজ, সেই লোকসকলে যিৰিমিয়া ভাববাদীক কূপত পেলাই দি তেওঁলৈ নিতান্ত মন্দ ব্যৱহাৰ কৰিছে; তেওঁ যি ঠাইত আছে, সেই ঠাইত তেওঁ ভোকত মৰিব লগীয়া হৈছে, কিয়নো নগৰত আৰু ৰুটী নাই।”
হে যিহোৱা, বিবেচনা কৰি চোৱা, তুমি যি জনলৈ এনে ব্যৱহাৰ কৰিছা। মহিলাসকলে হাত নিচুকুৱা সন্তান নিজৰ গৰ্ভফলক ভক্ষণ কৰিবনে? পুৰোহিত আৰু ভাববাদীক প্ৰভুৰ পবিত্ৰ স্থানত বধ কৰা হ’ব নে?
স্নেহৱতী মহিলাসকলে নিজ হাতেৰে নিজ নিজ সন্তান সিজালে; মোৰ জাতিস্বৰূপা জীয়াৰীৰ সংহাৰৰ কালত সিহঁত তেওঁলোকৰ খোৱা বস্তু যেন হৈছে।
এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম!
তোমালোকে নিজ নিজ পো-জীহঁতৰ মঙহ খাবা।