Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 15:7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই তেওঁলোকক দেশৰ দুৱাৰবোৰত কুলাৰে জাৰিলোঁ। তেওঁলোকক সন্তানহীন কৰিলোঁ। মোৰ জাতিক বিনষ্ট কৰিলোঁ; তেওঁলোক নিজৰ পথৰ পৰা নুলটিল।

অধ্যায়টো চাওক কপি কৰক

21 পৰস্পৰ সংযোগসমূহ  

দুষ্টবোৰ তেনেকুৱা নহয়; সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা।

তুমি সেইবোৰক জাৰিবা, আৰু বতাহে সেইবোৰক উড়ুৱাই নিব, আৰু বা’মৰলী বতাহে সেইবোৰক সিঁচৰিত কৰিব; কিন্তু তুমি যিহোৱাত উল্লাস কৰিবা, তুমি ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত গৌৰৱ কৰিবা।

পূব দিশত অৰাম, আৰু পশ্চিম দিশত পলেষ্টীয়াসকল, তেওঁলোকে মুখ মেলি ইস্ৰায়েলক গ্ৰাস কৰিব। কাৰণ তেওঁলোকৰ ক্রোধ যিহোৱাই ক্ষান্ত নকৰিব; কিন্তু আঘাত কৰিবলৈ তেওঁলোকৰ হাত উদ্যত হৈ থাকিব।

তথাপিও যিহোৱাই যিসকল লোকক প্ৰহাৰ কৰিব সেই লোকসকল তেওঁলৈ নুঘুৰিব, নাইবা তেওঁলোকে বাহিনীসকলৰ যিহোৱাক নিবিচাৰিব।

এই হেতুকে তুমি তেওঁলোকৰ সন্তান সকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা, আৰু তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিয়া; তেওঁলোকৰ স্ত্রীসকল পুত্ৰহীনা আৰু বিধৱা হওঁক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক, আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওঁক।

হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওঁলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।

আৰু বাবিললৈ বিদেশীবোৰক পঠাম, সিহঁতে তাক জানিব আৰু তাৰ দেশ শূণ্য কৰিব; কিয়নো সঙ্কটৰ দিনা সিহঁত চাৰিওফালে তাৰ বিৰুদ্ধী হ’ব।

কিয়নো মৃত্যুৱে বাহিৰত লৰাহঁত আৰু চকত ডেকাসকল উচ্চন্ন কৰিলে। খিড়িকিয়েদি উঠি আমাৰ অট্ৰালিকাবোৰত সোমাল।

‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।

“কিন্তু তুমি, হে মনুষ্য সন্তান, যি দিনা মই তোমালোকৰ বল, তেওঁলোকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁলোকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু আৰু তেওঁলোকৰ পো-জীসকলক তেওঁলোকৰ পৰা দূৰ কৰিম -

এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁলোকৰ আধিপত্য হ’বা, আৰু তুমি তেওঁলোকক পুনৰায় সন্তানহীন নকৰিবা।

তোমালোকৰ পূৰ্ব-পুৰুষসকলৰ নিচিনা তোমালোক নহ’বা; যিসকলৰ আগত আগৰ কালৰ ভাববাদীসকলে কৈছিল, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ কু-পথৰ, আৰু নিজ নিজ কু-কাৰ্যৰ পৰা ঘূৰা!” কিন্তু তেওঁলোকে সেই কথা নুশুনিলে, বা মোলৈ কাণ নিদিলে।” এয়ে যিহোৱাৰ ঘোষণা।

তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।”

আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত শাও পাব।

আপোনালোকৰ ল’ৰা, ছোৱালীক আন জাতিৰ লোকসকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব; আৰু আপোনালোক ক্লান্ত হৈ পৰিব, আপোনালোকক ৰক্ষা কৰোঁতা কোনো নাথাকিব।

আপোনালোকৰ ল’ৰা-ছোৱালী জন্মিব, কিন্তু তেওঁলোক আপোনালোকৰ নহ’ব; কিয়নো তেওঁলোকক বন্দী কৰি নিয়া হ’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন