Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 11:23

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু তেওঁলোকৰ কোনো অৱশিষ্ট নাথাকিব। কিয়নো মই অনাথোতৰ লোকসকললৈ অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰিম।”

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

কিন্তু মই, বধ কৰিবলৈ নিয়া মৰমৰ মেৰ-ছাগ পোৱালিৰ দৰে আছিলোঁ; আৰু ‘ফলে সৈতে গছডাল কাটোহঁক’, তেওঁৰ নাম সোঁৱৰণ আৰু নহবৰ কাৰণে আমি জাতিবোৰৰ দেশৰ পৰা তাক উচ্ছন্ন কৰোঁহক বুলি কৈ তেওঁলোকে যে মোৰ বিৰুদ্ধে কু-আলচ পাতিছিল, তাক মই জনা নাছিলোঁ।

এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব; তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।

চোৱা, তেওঁলোকৰ মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে মই তেওঁলোকলৈ জাগি থাকিম; আৰু এই মিচৰ দেশত থকা সকলো যিহূদী লোকক তৰোৱাল আৰু আকালৰ দ্বাৰাই নিঃশেষে বিনষ্ট কৰা হ’ব।

তাইৰ মাজত থকা তাইৰ বেচ খোৱাবোৰ হৃষ্টপুষ্ট দামুৰিৰ সদৃশ; কিয়নো তেওঁলোকো বিমুখ হৈ গৈছে। একেবাৰে পলাইছে, থিয়কেই নিদিলে; কাৰণ তেওঁলোকৰ আপদৰ দিন, তেওঁলোকৰ দণ্ডৰ সময় তেওঁলোকৰ ওচৰত উপস্থিত।

“যি কোনোৱে সেই আপদৰ পৰা পলাব, তেওঁ সেই গাতত পৰিব আৰু যি কোনোৱে সেই গাতৰ পৰা উঠিব, তেওঁ সেই ফান্দত ধৰা পৰিব; কিয়নো যিহোৱাই কৈছে, মই তেওঁৰ ওপৰত, মোৱাবৰেই ওপৰত প্ৰতিফল দিয়াৰ বছৰ আনিম।”

যিহোৱাই এইদৰে ঘোষনা কৰিছে, যে এইবোৰ কাৰ্যৰ বাবে মই জানো তেওঁলোকক দণ্ড নিদিম? মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?

গতিকে মই জানো এই কাৰ্যবোৰৰ বাবে দণ্ড নিদিম? এইয়েই যিহোৱাৰ ঘোষণা। নাইবা মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?

তাৰ সকলো ভতৰাক বধ কৰা; সিহঁত বধ কৰা ঠাইলৈ নামি যাওক; হায় হায়! সিহঁতৰ দিন, সিহঁতৰ দণ্ডৰ সময় আহিল।

বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যে তেওঁলোকে দ্ৰাক্ষাফলৰ দৰে ইস্ৰায়েলৰ অৱশিষ্টখিনি সম্পূৰ্ণকৈ গোটাব। দ্ৰাক্ষাগুটি চপাওঁতা জনৰ নিচিনা তুমি বাৰে বাৰে পাচিলৈ হাত নিয়া।

তেওঁলোকে ঘিণলগীয়া কাৰ্য কৰাত লাজ পাওঁক ছাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই? এই কাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ’ব; যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুটি খায় পৰিব।

ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাববাদীক নিৰ্ব্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”

যাকোবৰ বংশ অগ্নি, আৰু যোচেফৰ বংশ অগ্নিশিখা, আৰু এচৌৰ বংশ নৰাৰ দৰে হ’ব; আৰু তেওঁলোকে সেইবোৰ জ্বলাব, আৰু গ্ৰাস কৰিব। এচৌৰ বংশত কোনো অবশিষ্ট নাথাকিব; কাৰণ যিহোৱাই ইয়াক কৈছিল।

তেওঁলোকৰ মাজৰ শ্রেষ্ঠ জন জংঘলী গোলাপৰ দৰে, ন্যায়পৰায়ণ লোক জোপোহা কাঁইটীয়া গছৰ বেৰা; তোমাৰ প্ৰহৰীসকলৰ দ্বাৰাই কোৱা ভবিষ্যতবাণীৰ দিন এয়ে; তোমাৰ দণ্ডৰ দিন এয়া; এতিয়া তাত বিভ্রান্তিৰ সৃষ্টি হৈছে।

সেই কালত তেওঁলোকে তোমাক আৰু তোমাৰ ভিতৰত থকা সন্তান সকলক একেলগে মাটিৰ সমান কৰিব। তোমাৰ এটা শিলৰ ওপৰত এটা শিল থাকিব নিদিব; কাৰণ তোমাৰ তত্ত্বাৱধানৰ বাবে ঈশ্বৰ যে তোমাৰ ওচৰলৈ আহিল, সেই কথা তুমি নুবুজিলা৷”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন