Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 10:2

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাই এইদৰে কৈছে: তোমালোকে বিভিন্ন জাতিৰ ব্যৱহাৰ নিশিকিবা, আৰু আকাশ-মণ্ডলৰ নানা অদ্ভুত লক্ষণ দেখি ব্যাকুল নহবা; কাৰণ বিভিন্ন জাতিয়েহে সেইবোৰ দেখি ব্যাকুল হয়।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।

হে ইস্ৰায়েল বংশ, যিহোৱাই তোমালোকক যি কথা ঘোষণা কৰিছে, তাক শুনা।

আমি কাঠ আৰু শিলক পূজা কৰি, জাতিবোৰ দেশে-বিদেশে থকা গোষ্ঠীসকলৰেই দৰে হ’ম বুলি তোমালোকক কোৱা কথা, তোমালোকৰ মনত উদয় হোৱা, কথা সমূলি নঘটিব!’

তোমালোকে যেতিয়া মিচৰ দেশত বাস কৰিছিলা, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা। মই তোমালোকক যি কনান দেশলৈ লৈ আহিম, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা আৰু তেওঁলোকৰ বিধি অনুসাৰেও নচলিবা।

মই তোমালোকৰ সন্মূখৰ পৰা যি জাতিক খেদিম, তেওঁলোকৰ ৰীতি-নীতিৰ দৰে তোমালোকে আচৰণ নকৰিবা, কিয়নো তেওঁলোকে সেই সকলো কাৰ্য কৰাত, মই তেওঁলোকক ঘিণ কৰিলোঁ।

আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ গৈছে, সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিণলগীয়া কার্য কৰে, আপোনালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিব।

মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলোঁ যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন