Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহো 9:19

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু অধ্যক্ষসকলে লোকসকলক ক’লে, “আমি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁলোকৰ সম্বন্ধে শপত খালোঁ; এই কাৰণে আমি এতিয়া তেওঁলোকৰ অপকাৰ কৰিব নোৱাৰোঁ।

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

মই তোমাক উপদেশ দিওঁ যে ৰজাক প্রতিৰক্ষা দিয়া ঈশ্বৰৰ শপতৰ কাৰণে তুমি ৰজাৰ আজ্ঞা পালন কৰা।

সকলোৰে ক্ষেত্রত শেষ পৰিণতি একেই। ভৱিষ্যতে একেই ঘটে। ধাৰ্মিক হওঁক বা দুষ্ট হওঁক, সৎ আৰু বেয়া, শুচি আৰু অশুচি, বলি উৎসর্গ কৰক বা নকৰক সকলোলৈকে একে ঘটে; যেনেদৰে সৎ লোকৰ মৃত্যু হয়, তেনেদৰে পাপীৰো হয়; ঈশ্বৰৰ ওচৰত প্রতিশ্রুতি দিয়াজনৰ যেনেদৰে মৃত্যু হয়, তেনেকৈ প্রতিশ্রুতি দিবলৈ ভয় কৰা জনৰো হয়।

আৰু যদি তুমি ঘোষণা কৰা, যে ‘নিশ্চয়কৈ যিহোৱা জীৱিত, তেওঁ যিটো কয়, সেয়ে সত্য, ন্যায় আৰু ধাৰ্মিকতাৰ জীৱনৰ কথা কয়’, যিহোৱাৰ জীৱনৰ শপত কৰিবা আৰু জাতিবোৰে তেওঁতেই নিজক আশীৰ্ব্বাদপ্ৰাপ্ত বুলি জ্ঞাত কৰিব, আৰু তেওঁতেই তেওঁলোকে গৌৰৱ কৰিব।

ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক বধ নকৰিলে কাৰণ অধ্যক্ষসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁলোকৰ আগত শপত খাইছিল। ইস্ৰায়েলী লোকসকলে অধ্যক্ষসকলৰ অহিতে ওজৰ-আপত্তি কৰিবলৈ ধৰিলে।

সেইবাবে আমি তেওঁলোকৰ প্ৰতি এইদৰে কৰিম: আমাৰ প্ৰতি হ’বলগীয়া ক্ৰোধৰ পৰা আঁতৰি থাকিবলৈ আমি তেওঁলোকক জীয়াই ৰাখিম, কাৰণ আমি তেওঁলোকৰ আগত শপত খাইছিলো।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন