Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহো 8:20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত অয়ৰ লোকসকলে পাছফাললৈ ঘূৰি চালে আৰু নগৰৰ ধোঁৱা আকাশলৈ উঠা দেখিলে৷ তেতিয়া তেওঁলোকে ইফালে সিফালে কোনোফালে পলাবলৈ একো উপায় নাপালে৷ কাৰণ মৰুপ্ৰান্তলৈ পলাই যোৱা সৈন্যসকলে তেওঁলোকক খেদি আক্ৰমণ কৰিলে৷

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

তেওঁ তলৰ ফালে চদোম, ঘমোৰা আৰু গোটেই সমতল ভূমিলৈ চাই দেখিলে যে অগ্নিকুণ্ডৰ ধুঁৱাৰ দৰে সেই সকলো ঠাইৰ পৰা ধুঁৱা উঠিছে।

কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব, সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।

এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল।

সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব; পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব।

তেওঁ হাত দঙামাত্ৰে লগে লগে আক্রমণ কৰিবলৈ লুকাই থকা সৈন্য দলে নিজ ঠাইৰ পৰা বেগাই ওলাই আহিল আৰু লৰি গৈ নগৰত সোমাল। তাৰ পাছত তেওঁলোকে নগৰখন আটক কৰি ল’লে আৰু তাত জুই লগাই দিলে।

অৰ্থাৎ যেতিয়া যিহোচূৱাই আৰু গোটেই ইস্ৰায়েলে দেখিলে যে, আক্ৰমণ কৰিবলৈ লুকাই থকা সৈন্যদলে নগৰখন আটক কৰি ল’লে আৰু নগৰৰ ধোঁৱা উঠিছে, তেতিয়া তেওঁলোকে উভতি ধৰি অয়ৰ লোকসকলক আঘাত কৰিলে।

পৃথিৱীৰ যি ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পোৰাৰ ধুঁৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি হিয়া ভুকুৱাব৷

আৰু তেওঁলোকে পুণৰাই ক’লে, “হাল্লিলুয়া! আৰু তাইৰ ধোঁৱা চিৰকাল তাইৰ পৰা উঠি থাকিব।”

সেই লুকাই থকা সৈন্যসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে এটা সংকেত বা চিন স্থিৰ কৰিছিল যে, যেতিয়া নগৰৰ পৰা মেঘ-স্তম্ভৰ দৰে বৰকৈ ধোঁৱা উৎপন্ন হ’ব, তেতিয়া সেই সংকেত চাই আটাইয়ে নগৰৰ বাহিৰলৈ ওলাই আহিব।

কিন্তু যেতিয়া নগৰৰ পৰা স্তম্ভৰ আকৃতিৰে ধোঁৱা উঠিবলৈ ধৰিলে, তেতিয়া বিন্যামীন ফৈদৰ লোকসকলে পাছলৈ চাই দেখিলে যে, গোটেই নগৰ ধোঁৱাময় হৈ আকাশলৈ উঠি গৈছে।

তেতিয়া ইস্ৰায়েলৰ সৈন্যসকলেও তেওঁলোকৰ ফালে মুখ ঘূৰালে, ইয়াকে দেখি বিন্যামীনৰ লোকসকল অতিশয় আতংকিত হ’ল, তেওঁলোকে দেখিলে যে তেওঁলোকলৈ দুর্যোগ নামি আহিছে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন