তেওঁ পাঁচ হাজাৰ মান লোক লগত লৈ নগৰৰ পশ্চিম ফালে বৈৎএল আৰু অয়ৰ মাজত আক্ৰমণ কৰিবলৈ লুকুৱাই ৰাখিছিল।
তাৰ পাছত চিখিমৰ পৰা অব্রামে বৈৎএলৰ পূবফালে পাহাৰীয়া এলেকালৈ আগুৱাই গ’ল আৰু তাত তেওঁ বৈৎএলক পশ্চিম আৰু অয়ক পূব কৰি তম্বু তৰিলে; সেই ঠাইতো তেওঁ যিহোৱালৈ এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে।
তেওঁ সেই ঠাইৰ নাম বৈৎএল ৰাখিলে; কিন্তু পূৰ্বতে সেই নগৰৰ নাম লুজ আছিল।
তেওঁৰ লগত থকা সকলো ৰণুৱাই উঠি গৈ নগৰৰ সন্মুখত উপস্থিত হ’ল৷ তেওঁলোকে নগৰৰ ওচৰ চাপি অয়ৰ উত্তৰ ফালে ছাউনি পাতিলে৷ তেওঁলোকৰ আৰু অয়ৰ মাজত এক উপত্যকা আছিল।
এইদৰে মুখ্য ৰণুৱাসকলক নগৰৰ উত্তৰফালে থকা গোটেই ছাউনিক আৰু নগৰৰ পশ্চিমফালে পহৰা দি লুকাই থকা দলটিক উপযুক্ত স্থানত স্থাপন কৰি যিহোচূৱাই সেই ৰাতি উপত্যকাৰ মাজলৈ গমণ কৰিলে।
যোচেফৰ বংশয়ো বৈৎএল নগৰ আক্রমণ কৰিবলৈ গ’ল। যিহোৱা তেওঁলোকৰ সঙ্গী আছিল।
তাৰ পাছত চৌল অমালেকৰ নগৰলৈ গৈ উপত্যকাত অপেক্ষা কৰি থাকিল।