Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহো 7:26

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত তাৰ ওপৰত শিল দলিয়াই দলিয়াই শিলৰ বৰ দ’ম কৰিলে; শিলৰ সেই দ’ম আজিলৈকে আছে। পাছত যিহোৱাই তেওঁৰ প্ৰচণ্ড ক্রোধৰ পৰা ঘূৰিল। সেই বাবে এই ঠাই আখোৰ উপত্যকা বুলি আজিলৈকে বিখ্যাত আছে।

অধ্যায়টো চাওক কপি কৰক

22 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে অবচালোমক নমাই আনি, হাবিৰ মাজত থকা বৰ গাত এটাত পেলাই দিলে; তেওঁলোকে তেওঁৰ ওপৰত শিলৰ এটা বৰ দ’ম ৰাখি হ’ল আৰু সকলো ইস্ৰায়েলৰ প্ৰত্যেক জন লোক নিজ নিজ তম্বুলৈ পলাই গ’ল

তেওঁলোকে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ বিন্যামীন দেশৰ চেলাত চৌলৰ পিতৃ কীচৰ মৈদামত মৈদাম দিলে৷ তেওঁলোকে ৰজাৰ আজ্ঞা অনুসাৰে সকলো কাৰ্য কৰিলে। তাৰ পাছত ঈশ্বৰে দেশৰ বাবে তেওঁলোকৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে।

আমাৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যেন আতৰে, তাৰ বাবে তেৱেঁ সৈতে এটি নিয়ম-চুক্তি স্থাপন কৰিবলৈ এতিয়া মোৰ মনে স্থিৰ কৰিছে।

সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্রতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধলোক আৰু বিচাৰকৰ্ত্তাসকলে নিৰূপিত কৰা সময়ত যি সকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক।”

হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা; আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।

মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক।

যিৰূচালেমক নম্রতাৰে কোৱা, আৰু তেওঁলৈ ঘোষনা কৰা, যে তেওঁৰ সংগ্রাম শেষ হ’ল, তেওঁৰ অপৰাধ ক্ষমা কৰা হ’ল, তেওঁৰ সকলো পাপৰ সলনি যিহোৱাৰ হাতৰ পৰা তেওঁ দুগুণ মঙ্গল পালে।

মোক বিচাৰা মোৰ লোকসকলৰ বাবে, চাৰোণ মেৰ-ছাগৰ জাকৰ চৰণীয়া ঠাই হ’ব, আৰু আখোৰ উপত্যকা গৰুৰ জাকবোৰৰ শোৱা ঠাই হ’ব।

তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল।

মই সেই ঠাইতে তাইক তাইৰ দ্ৰাক্ষাবাৰীবোৰ উভটাই দিম আৰু আখোৰ উপত্যকাক আশাৰ দুৱাৰস্বৰূপ কৰিম। যৌৱনকালৰ নিচিনাকৈ তাই তাত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি গীত গাব, যেনেকৈ তাই মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত গীত গাইছিল।

কিয়নো মই তাইৰ মুখৰ পৰা বাল দেৱতাবোৰৰ নাম দূৰ কৰিম; তাই পুনৰ সেইবোৰৰ নাম সোঁৱৰণ নকৰিব।

আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।

তেতিয়া যিহোৱা নিজ দেশৰ বাবে উদ্যোগী আৰু নিজ লোকসকললৈ দয়ালু হ’ল।

এই বুলি কৈ তেওঁলোকে যোনাক দাঙি নি সাগৰত পেলাই দিলে, তেতিয়া সমুদ্ৰৰ ভয়ানক মূর্তি নাইকিয়া হ’ল।

তেতিয়া তেওঁ মোক আহ্বান কৰিলে আৰু মোক মাতি ক’লে, “চোৱা, উত্তৰ দেশৰ ফালে ওলাই যোৱাবোৰে উত্তৰ দেশত মোৰ ক্ৰোধ মাৰ নিয়ালে।”

সেই ইস্ৰায়েলীয়া পুৰুষৰ পাছে পাছে খেদি গৈ, কোঁঠালিত সোমাই সেই দুই জনক, সেই ইস্ৰায়েলীয়া পুৰুষক আৰু সেই মহিলাগৰাকীৰ পেটত খুচি মাৰিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মহামাৰী স্থগিত হ’ল।

যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব।

তেওঁ এইদৰে কৰিব, যেতিয়া আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’ব।

পাছত সূৰ্য মাৰ যোৱা সময়ত, লোকসকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকক কাঠৰ ওপৰৰ পৰা নমাই আনিলে, আৰু তেওঁলোকে লুকাই থকা গুহাতে তেওঁলোকক নি পেলাই দিলে। তাৰ পাছত সেই গুহাৰ মুখত ডাঙৰ ডাঙৰ শিল দি হ’ল; সেই ৰজা কেইজন আজিলৈকে সেই ঠাইতে আছে।

পাছত যিহোচূৱা আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে জেৰহৰ পুত্ৰ আখানক আৰু সেই ৰূপ, চোলা আৰু সোণৰ জিভা আৰু তাৰ পুতেক, জীয়েক, তাৰ গৰু, তাৰ গাধ, তাৰ ভেড়া আৰু তাৰ তম্বু আদি সকলোকে ল’লে আৰু সকলোবোৰ আখোৰ উপত্যকালৈ আনিলে।

পাছত তেওঁ অয়ৰ ৰজাক সন্ধিয়ালৈকে গছত ওলোমাই ৰাখিলে৷ আৰু সূৰ্য মাৰ যোৱা সময়ত, যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে গছৰ পৰা শৱটো নমাই নগৰৰ দুৱাৰমুখত পেলালে আৰু তাৰ ওপৰত শিলৰ এক ডাঙৰ দ’ম কৰিলে; সেই দ’ম আজিলৈকে আছে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন