Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহো 6:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সপ্তম-বাৰত পুৰোহিতসকলে শিঙা বজোৱাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে মহাধ্বনি কৰা; কিয়নো যিহোৱাই তোমালোকক নগৰখন দিলে।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

পাছত যিহূদাৰ লোকসকলে মুখ ঘূৰাই যেতিয়া তেওঁলোকৰ আগফালে আৰু পাছফালে যুদ্ধ হোৱা দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু পুৰোহিতসকলে তূৰী বজালে;

তেতিয়া যিহূদাৰ লোকসকলে সিংহনাদ কৰি উঠিল; যিহূদাৰ লোকসকলে এনে সিংহনাদ কৰোঁতে, ঈশ্বৰে অবিয়াৰ আৰু যিহূদাৰ আগত যাৰবিয়ামক আৰু গোটেই ইস্ৰায়েলক প্ৰহাৰ কৰিলে।

পাছত সপ্তম দিনা সূৰ্য উদয় হোৱা সময়ত তেওঁলোকে সোনকালে উঠিল, আৰু আগেয়ে কৰি অহাৰ দৰে নগৰ খন সাত বাৰ প্ৰদক্ষিণ কৰিলে; কেৱল সেই দিনাহে নগৰখন সাতবাৰ প্ৰদক্ষিণ কৰিলে।

আৰু যেতিয়া তেওঁলোকে মহাশব্দকাৰী শিঙা দীঘলীয়াকৈ উচ্চ শব্দেৰে বজাব আৰু তোমালোকে যেতিয়া শিঙাৰ শব্দ শুনিবা, তেতিয়া সকলো লোকে মহাধ্বনি কৰিবা; তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব আৰু প্ৰতিজন লোকে নিজৰ সন্মুখেদি পোনে পোনে উঠি যাবা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন