Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহো 5:2

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই সময়ত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি শিলৰ কটাৰী তৈয়াৰ কৰি পুনৰ ইস্ৰায়েলৰ সন্তানসকলক দ্বিতীয় বাৰৰ বাবে চুন্নৎ কৰোওৱা।”

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

তেতিয়া চিপ্পোৰাই এটুকুৰা চিকমিকিয়া চোকা পাথৰ ল’লে; আৰু নিজৰ পুত্ৰৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰি, মোচিৰ ভৰিত পেলাই দি ক’লে, “নিশ্চয়ে আপুনি মোৰ পক্ষে তেজৰ দ্বাৰাই পোৱা দৰা।”

কিন্তু যি জন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়।

চুন্নৎ নোহোৱা অৱস্থাত অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা আছিল, তাৰ ছাব স্বৰূপে তেওঁ সেই চুন্নতৰূপ চিন পাইছিল, যাতে চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ পিতৃ হয় আৰু ধাৰ্মিকতা যেন তেওঁলোকলৈ গণিত হয়;

সেয়ে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব।

আপোনালোকে যাতে আপোনালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবেই তেওঁ আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰসকলৰ হৃদয়ৰ চুন্নত কৰিব।

তেওঁতেই আপোনালোক বিনাহাতে কৰা চুন্নৎ, মাংসময় শৰীৰ বস্ত্ৰ স্বৰূপে সোলোকাই পোলোৱাৰ দ্বাৰাই আপোনালোকে খ্ৰীষ্টৰ চুন্নতেৰে চুন্নৎ হ’ল৷

তেতিয়া যিহোচূৱাই শিলৰ কটাৰী তৈয়াৰ কৰি, গিবেথ হাৰলোঠ নামেৰে পৰ্বতৰ ওচৰত ইস্ৰায়েলৰ সন্তানসকলৰ চুন্নৎ কৰোৱালে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন