কিয়নো যিহোৱাই তোমালোকৰ আগৰ পৰা মহৎ আৰু বলৱান জাতি সমূহক দূৰ কৰিলে৷ আৰু তোমালোকৰ আগত আজিলৈকে কোনেও থিয় হ’ব পৰা নাই।
আৰু যিহোৱাই যি ইমোৰীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা দূৰ কৰিলে, তেওঁলোকৰ সকলো কৰ্মৰ দৰে, তেওঁ প্ৰতিমাবোৰৰ পাছত চলোঁতা হৈ অতিশয় ঘিণলগীয়া কাৰ্য কৰিলে।
হে আমাৰ ঈশ্বৰ, আপুনিয়েই জানো আপোনাৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ আগৰ পৰা এই দেশ নিবাসীসকলক দূৰ কৰি অব্ৰাহামৰ বংশক চিৰকালৰ বাবে এই দেশ দিয়া নাই?
মোৰ দূত তোমালোকৰ আগে আগে যাব, আৰু ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, কনানীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলৰ দেশলৈ তোমালোকক লৈ যাব। মই তেওঁলোকক ধ্বংস কৰিম।
তাৰ পৰিৱৰ্তে তোমালোক বৃদ্ধি পাই দেশ অধিকাৰ নকৰা মানে, মই তেওঁলোকক তোমালোকৰ আগৰ পৰা অলপ অলপকৈ বাহিৰলৈ খেদি থাকিম।
পৰৱর্তীকালত আমাৰ পূৰ্ব-পুৰুষ সকলে যিহোচুৱাৰে সৈতে সেই তম্বু কঢ়িয়াই এই ঠাইলৈ আনিছিল। সেই সময়ত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সন্মুখৰ পৰা ঈশ্বৰে অন্য জাতিবোৰক খেদাই দিয়াত তেওঁলোকে প্রৱেশ কৰি এই ঠাই অধিকাৰ কৰিলে। সেই তম্বু দায়ুদৰ দিনলৈকে এই ঠাইত আছিল।
তেন্তে যিহোৱাই আপোনালোকৰ আগৰ পৰা এই আটাই জাতিবোৰক দূৰ কৰিব, আৰু আপোনালোকে আপোনালোকতকৈ মহান আৰু শক্তিশালী জাতিবোৰক উচ্ছেদ কৰিব।
তেওঁলোকৰ ৰজাসকলক আপোনালোকৰ হাতত শোধাই দিব; তাতে আপোনালোকে আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব। আপোনালোকে তেওঁলোকক বিনষ্ট নকৰে মানে আপোনালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব।
তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।
কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা তেওঁলোকক গতিয়াই পঠাব আৰু তোমালোকৰ চকুৰ আগৰ পৰা সিহঁতক দূৰ কৰিব৷ তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক কোৱাৰ দৰে, তোমালোকে সিহঁতৰ দেশ অধিকাৰ কৰিবা।
কিন্তু আজিলৈকে যেনেকৈ কৰি আহিছা, তেনেকৈ যেন নিজ ঈশ্বৰ যিহোৱাত আসক্ত হৈ থাকা, এই কাৰণে মোচিৰ বিধান-পুস্তকত লিখা সকলো কথা পালন কৰি, তাৰ দৰে আচৰণ কৰিবলৈ অতিশয় সাহ কৰা।
সেই যিহোৱায়েই এই দেশত থকা ইমোৰীয়া আদি কৰি সকলো জাতিক আমাৰ আগৰ পৰা দূৰ কৰিলে৷ এই হেতুকে আমিও যিহোৱাৰেহে আৰাধনা কৰিম, কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ।”