তোমালোকে যিহোৱাৰ পাছত চলিবলৈ আজি বিমুখ হ’ব খুজিছা? তোমালোকে আজি যদি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহী হোৱা, তেওঁ কালিলৈ ইস্ৰায়েলৰ গোটেই সমাজলৈ ক্ৰোধ কৰিব।
পাছত ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ পুনৰায় জ্বলি উঠিল আৰু তেওঁলোকৰ বিৰুদ্ধে দায়ূদৰ প্ৰবৃত্তি জন্মাই তেওঁ ক’লে, “ইস্ৰায়েল আৰু যিহূদাক গৈ গণনা কৰা”।
কিন্তু তুমি বা তোমালোকৰ সন্তান সকলৰ কোনোৱে যদি কেনেবাকৈ মোৰ পাছত চলিবলগীয়া পথৰ পৰা ঘূৰা বা তোমালোকৰ আগত স্থাপন কৰা মোৰ আজ্ঞা আৰু বিধিবোৰ পালন নকৰি ইতৰ দেৱতাবোৰক সেৱা পুজা কৰা আৰু সিহঁতৰ আগত প্ৰণিপাত কৰা,
যিহোৱাই ইস্রায়েলীসকলক দায়ুদৰ ৰাজকীয় বংশৰ পৰা যেতিয়া কাঢ়ি লৈ বেলেগ কৰিছিল, তেতিয়া তেওঁলোকে নবাটৰ পুত্র যাৰবিয়ামক ৰজা পাতিছিল। সেই যাৰবিয়ামে ইস্রায়েলী লোকসকলক যিহোৱাৰ নির্দেশিত পথত চলাৰ পৰা আঁতৰাই নি তেওঁলোকৰ দ্বাৰাই মহাপাপ কৰাইছিল।
ইস্ৰায়েলৰ বিৰুদ্ধে শত্রু থিয় হৈ ইস্ৰায়েলক গণনা কৰিবলৈ দায়ূদক উচটাইছিল।
সেয়ে যিহোৱাই ইস্ৰায়েলৰ মাজলৈ মহামাৰী পঠালে, আৰু ইস্ৰায়েলৰ সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল।
অমচিয়াই যিহোৱাৰ পথ ত্যাগ কৰাৰ পাছত লোকসকলে যিৰূচালেমত তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল৷ সেয়ে তেওঁ লাখীচলৈ পলাই গৈছিল, কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠিয়ালে আৰু তেওঁক সেই ঠাইত বধ কৰালে।
যোচিয়াই ইস্ৰায়েলৰ সন্তান সকলে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিণ লগা বস্তুবোৰ দুৰ কৰিলে আৰু ইস্ৰায়েলৰ মাজত থকা সকলো লোকক ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰালে। তেওঁলোকে তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ পাছত চলিবলৈ নেৰিলে।
তেতিয়া মোচিয়ে হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰক ক’লে, “তোমালোক যেন নমৰা আৰু গোটেই মণ্ডলীলৈ যেন তেওঁৰ ক্ৰোধ প্ৰজ্বলিত নহয়, এই কাৰণে তোমালোকে নিজ নিজ মূৰৰ চুলি মুকলিকৈ নাৰাখিবা আৰু নিজ নিজ কাপোৰ নাফালিবা; কিন্তু যিহোৱাৰ ক্ৰোধাগ্নি জ্বলাৰ বাবে তোমালোকৰ ভাই গোটেই ইস্ৰায়েল বংশই ক্ৰন্দন কৰক।
তেতিয়া তেওঁলোকে উবুৰি হৈ পৰি ক’লে, “হে ঈশ্বৰ, এজনে পাপ কৰাত তোমাৰ কুপ জানো গোটেই সমাজৰ ওপৰত হ’ব লাগে?”
কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।”
কিয়নো সেই ছোৱালীবোৰে আপোনালোকৰ ল’ৰাবোৰক মোক অনুসৰণ কৰাৰ পৰা আঁতৰাই নিব আৰু আন দেৱ-দেৱীৰ সেৱা পূজা কৰাব; সেয়ে হ’লে, আপোনালোকলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু তেওঁ আপোনালোকক শীঘ্ৰে বিনষ্ট কৰিব।
পাছত তেওঁলোকে গিলিয়দ দেশত ৰূবেণ ও গাদৰ লোকসকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ গ’ল আৰু তেওঁলোকক এই কথা ক’লে:
“যিহোৱাৰ গোটেই সমাজে এই কথা কৈছে, ‘আজি যিহোৱাৰ অহিতে বিদ্ৰোহী হ’বৰ মনেৰে তোমালোকে তোমালোকৰ বাবে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলা, যিহোৱাৰ পাছত নচলিবলৈ আজি তেওঁক বিমুখ কৰিলা, তোমালোকে ইস্ৰায়েলৰ ঈশ্বৰৰ বিৰুদ্ধে যে সত্যলঙ্ঘন কৰিলা, ই কি কথা?
জেৰহৰ পুতেক আখানে বৰ্জিত বস্তুৰ কথাত দোষ কৰাত, ইস্ৰায়েলৰ সকলো লোকৰ ওপৰলৈ জানো ঈশ্বৰৰ ক্ৰোধ অহা নাছিল? সেই মানুহ নিজৰ অতিশয় অনৈতিক অপৰাধত অকলে জানো বিনষ্ট হ’ল’।”
কিন্তু ইস্রায়েলৰ সন্তান সকলে ধ্বংস কৰিবলগীয়া যিহোৱাই বর্জন কৰা বস্তুৰ বিষয়ত অবিশ্বাসযোগ্য লোকৰ দৰে কৰ্ম কৰিলে। কর্মীৰ পুত্ৰ আখান, এই আখান যিহূদা ফৈদৰ। এওঁ ধ্বংস হ’বলগীয়া বৰ্জিত বস্তুৰ কিছুমান নিজৰ লগত লৈ গৈছিল; সেয়ে যিহোৱাৰ ক্রোধ ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত জ্বলি উঠিল।
ইস্ৰায়েলে পাপ কৰিলে৷ মই তেওঁলোকক আজ্ঞা কৰা নিয়মটিও লঙ্ঘন কৰিলে৷ তেওঁলোকে বৰ্জিত বস্তুৰ পৰাই কিছু চুৰ কৰি ল’লে, চুৰ কৰিও ভাও ধৰিলে আৰু তেওঁলোকৰ বস্তুৰ মাজত সেই বর্জিত বস্তু লুকুৱাই ৰাখিলে।
লুটদ্ৰব্যৰ মাজৰ এটা উত্তম বাবিলীয়া চোলা, দুশ চেকল ৰূপ আৰু পঞ্চাশ চেকল জোখৰ জিভা আকৃতিৰ এচটা সোণ দেখি, লোভতে মই সেইবোৰ ললোঁ৷ সেইবোৰ মোৰ তম্বুৰ ভিতৰত মাটিত পুতি থোৱা আছে আৰু সেইবোৰৰ তলতে ৰূপো আছে।”
তোমালোকে যদি যিহোৱালৈ ভয় ৰাখি তেওঁৰ আৰাধনা কৰা, তেওঁৰ বাক্য পালন কৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ নকৰা, তেনেহলে তোমালোক তথা তোমালোকৰ ওপৰত ৰাজত্ব কৰা ৰজা উভয়ে ঈশ্বৰ যিহোৱাৰ অনুগামী হ’বা।
চমূৱেলে উত্তৰ দি ক’লে, ভয় নকৰিবা; তোমালোকে এই সকলো দুষ্কৰ্ম কৰিছা হয়, কিন্তু তোমালোকে যিহোৱাৰ পথ ত্যাগ নকৰিবা আৰু তোমালোকে সকলো হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰিবা।