আৰু ইস্ৰায়েলৰ প্ৰত্যেক ফৈদৰ পিতৃ-বংশৰ পৰা এজন এজন অধ্যক্ষ এইদৰে দহ জন অধ্যক্ষ তেওঁৰ লগত পঠাই দিলে আৰু তেওঁলোক প্ৰতিজন ইস্ৰায়েলৰ লোকসকলৰ মাজত, নিজ নিজ পিতৃ-বংশৰ মূল মানুহ আছিল।
মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে।
প্ৰত্যেক ফৈদৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্রধান লোক, তেওঁলোকৰ নিজ নিজ ফৈদৰ বিষয়া হিচাবে তোমালোকৰ লগত সহায় কৰোঁতা হ’ব লাগিব। সেই প্রত্যেকজন বিষয়াই নিজ নিজ ফৈদৰ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ব দিব।
পাছত তেওঁলোকে গিলিয়দ দেশত ৰূবেণ ও গাদৰ লোকসকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ গ’ল আৰু তেওঁলোকক এই কথা ক’লে: