আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম ফৈদ সমূহৰ পৰা, আচেৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা দহখন নগৰ পালে।
লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
অবীচূৱাৰ পুত্র আছিল বুক্কী। বুক্কীৰ পুত্র আছিল উজ্জী। উজ্জীৰ পুত্র আছিল জৰহীয়া।
কহাতৰ অৱশিষ্ট বংশধৰ সকলক মনচিৰ আধা জাতিৰ পৰা চিঠি খেলাই দহখন নগৰ দিয়া হ’ল।
কহাতৰ পৰা অম্ৰীময়া সকলৰ বংশ, যিচহৰীয়া সকলৰ বংশ, হিব্ৰোণীয়া সকলৰ বংশ আৰু উজ্জীয়েলীয়া সকলৰ বংশৰ জন্ম হ’ল; এই সকলো কহাতীয়া সকলৰ গোষ্ঠী।
চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰোণ পুৰোহিতৰ সন্তান সকলে চিঠিখেলৰ দ্বাৰাই যিহূদা ফৈদৰ, চিমিয়োন ফৈদৰ আৰু বিন্যামীন ফৈদৰ পৰা তেৰ খন নগৰ পালে।
আৰু বংশানুক্ৰমে গেৰ্চোনৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা তেৰ খন নগৰ পালে।