Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহো 19:9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এয়ে আছিল চিমিয়োনৰ ফৈদক দিয়া উত্তৰাধিকাৰ৷ ই যিহূদা বংশৰ অঞ্চলৰ পৰা আৰম্ভ হৈছিল, কিয়নো যিহূদা ফৈদক দিয়া অংশ তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক আছিল৷ চিমিয়োনৰ ফৈদে তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ উত্তৰাধিকাৰৰ মাজৰ পৰা ভাগ পাইছিল।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।

তেওঁলোকে যেতিয়া সেইবোৰ ওমৰৰ জোখত জুখিলে, যি সকলে অধিককৈ গোটাইছিল, তেওঁলোকৰ অতিৰিক্ত নহ’ল, আৰু যি সকলে তাকৰকৈ গোটাইছিল তেওঁলোকৰো অভাৱ নহ’ল। তেওঁলোক প্ৰতিজনে প্রয়োজন অনুসাৰে গোটালে।

আৰু ৰূবেণৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ যিহূদাই এক অংশ পাব।

অধিককে থকা লোকসকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধিকাৰ দিবা, আৰু কমকৈ থকা লোকসকলৰ গোষ্ঠীক কমকৈ দিবা; প্রতিজন পৰিয়ালৰ যিমান গণিত লোক, তাক সেই হিচাপে তাৰ উত্তৰাধীকাৰ দিবা।

তৃতীয়বাৰ চিঠি খেলাওঁতে নিজ নিজ বংশ অনুসাৰে জবূলূনৰ ফৈদৰ নামত উঠিল। তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা চাৰীদৰ পৰা আৰম্ভণ হ’ল৷

এই গাওঁবোৰ নগৰৰ চাৰিওফালে নগৰবোৰৰ সৈতে একেলগে বলাৎ-বেৰ অৰ্থাৎ দক্ষিণ অঞ্চলৰ ৰামালৈকে আছিল৷ এয়েই আছিল চিমিয়োনৰ ফৈদৰ নিজ নিজ বংশ অনুসাৰে দিয়া উত্তৰাধিকাৰ।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন