Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



11 পৰস্পৰ সংযোগসমূহ  

ইশ্মায়েলৰ এই বাৰজন পুত্রই আছিল তেওঁলোকৰ ফৈদৰ মূলসূঁতি আৰু তেওঁলোকৰ নাম অনুসাৰেই গাওঁ আৰু ছাউনিবোৰৰ নাম ৰখা হৈছিল।

মই অচ্‌দোদৰ বাসিন্দাসকলক আৰু অস্কিলোনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; মই ইক্ৰোণৰ বিৰুদ্ধে মোৰ হাত চলাম আৰু পলেষ্টীয়াসকলৰ অৱশিষ্ট জীৱিত লোক বিনষ্ট হ’ব।”

গাজা জনশূণ্য হ’ব আৰু অস্কিলোন ধ্বংসস্থান হ’ব; অচ্‌দোদৰ লোক সমূহক দুপৰ বেলা খেদাই দিয়া হ’ব, আৰু ইক্ৰোণক উঘালি পেলোৱা হ’ব।

মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্‌দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷

আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।

কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।

ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্‌দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।

আকৌ ইয়াত এলোন, তিম্না, ইক্ৰোণ,

সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।”

যিহোৱাৰ উদ্দেশ্যে পলেষ্টীয়াসকলে দোষাৰ্থক উপহাৰ ৰূপে পঠোৱা বিহ ফোঁহোৰাৰ আকৃতিৰে সজা সোণৰ বস্তুবোৰ, অচ্‌দোদৰ অৰ্থে এটা, গাজাৰ অৰ্থে এটা, অস্কিলোনৰ অৰ্থে এটা, গাতৰ অৰ্থে এটা আৰু ইক্ৰোণৰ অৰ্থে এটা আছিল৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন