Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহো 15:11

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘আপুনি ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰলৈ লোক পঠাইছিল। ইস্ৰায়েল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই? এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে, সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব; কিন্তু অৱশ্যেই মৃত্যু হ’ব’।”

উত্তৰত তেওঁলোকে ক’লে, “এজন মানুহে আমাৰ লগত সাক্ষাত কৰি ক’লে, ‘যি জনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভটি গৈ তেওঁক জনায়, “যিহোৱাই কৈছে, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰোণৰ দেৱতা বাল-জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে? সেয়ে আপুনি যি শয্যাত পৰি আছে, তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ’ব।’”

পাছত উজ্জিয়াই যাত্ৰাত ওলাই গৈ পলেষ্টীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ তেওঁ গাত, যবনি আৰু অচ্‌দোদৰ গড়বোৰ ভাঙি পেলাইছিল আৰু অচদোদৰ অঞ্চলৰ লগতে ফিলিষ্টীয়াসকলৰ মাজত কেইবাখনো নগৰ সাজিছিল।

আৰু তোমালোকৰ পশ্চিম সীমা হ’লে, মহাসাগৰ আৰু তাৰ অঞ্চল; এয়ে তোমালোকৰ পশ্চিম সীমা হ’ব।

পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷

পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা ফৈদৰ সন্তান সকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা।

ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;

পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷

যিহূদা বংশই গাজা, অস্কিলোন, ইক্ৰোণ চহৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ দখল কৰিলে।

তাৰ পাছত ইস্ৰায়েলৰ আৰু যিহূদাৰ লোকসকলে ওলাই জয়-ধ্বনি কৰি গাতলৈকে আৰু ইক্ৰোণৰ দুৱাৰলৈকে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি গ’ল; তাতে পলেষ্টীয়াসকলৰ হত হোৱা লোকবোৰ চাৰয়িমৰ বাটত গয় আৰু ইক্ৰোণলৈকে পৰি পৰি গ’ল।

সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।”

এই হেতুকে তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক নিজৰ ওচৰলৈ মাতি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বিষয়ে আমি কি কৰিম?” তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক গাতলৈ নিয়া হওঁক।” তেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক সেই ঠাইলৈ লৈ গ’ল।

ইক্ৰোণৰ পৰা গাতলৈকে যিবোৰ নগৰ পলেষ্টীয়াসকলে ইস্ৰায়েলৰ পৰা কাঢ়ি লৈছিল, সেইবোৰ নগৰ পুনৰায় ইস্ৰায়েলৰ অধীন হ’ল; আৰু ইস্ৰায়েলে ফিলিষ্টীয়া সকলৰ হাতৰ পৰা সেইবোৰ অঞ্চল উদ্ধাৰ কৰিলে। তাতে ইমোৰীয়া সকলৰ লগত ইস্ৰায়েলৰ শান্তি স্থাপন হ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন