যিহো 14:12ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019সেই বাবে মোক এতিয়া এই পর্বতৰ ৰাজ্যখন দিয়ক, এই পর্বতৰ বিষয়ে সেই দিনা যিহোৱাই মোক আশা দিছিল৷ কিয়নো সেই সময়ত অনাকীয়াসকল তাত আছিল আৰু নগৰবোৰ ডাঙৰ ডাঙৰ গড়েৰে আবৃত৷ সেই দিনা কৈছিলোঁ ‘যিহোৱা মোৰ লগত থাকিব আৰু যিহোৱাৰ বাক্য অনুসাৰে মই তেওঁলোকক দূৰ কৰিম’। সেই দিনা বোধ কৰোঁ, এই বিষয়ে তুমি শুনিছিলা৷” অধ্যায়টো চাওক |
তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”
কিন্তু আজি আপোনালোকে এই কথা জানি ৰাখক যে, আপোনালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ আপোনালোকৰ আগে আগে যাওঁতা; তেওঁ তেওঁলোকক ধ্বংস কৰি দিব; তেঁৱেই আপোনালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। আপোনালোকৰ ওচৰত যিহোৱাই যি আশ্বাস দিছিল সেই অনুসাৰে আপোনালোকে তেওঁলোকক খেদি পঠিয়াব আৰু মূহূর্ততে তেওঁলোকক বিনষ্ট কৰিব।