গিবিয়োন-নিবাসী হিব্বীয়াসকলৰ বাহিৰে আন কোনো নগৰৰ লোকে ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি স্থাপন নকৰিলে৷ ইস্ৰায়েলে আনসকলো নগৰৰ সকলোকেই যুদ্ধ কৰি দখল কৰি ল’লে।
যিহোচূৱাই সেই ৰজাসকলৰে সৈতে বহু কাল যুদ্ধ কৰি আছিল।
সেই জাতিবোৰ হ’ল, পলেষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চীদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লিবানোনৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।