Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 8:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ পৰিচাৰকসকলে অন্ধকাৰত কি কৰিছে সেই বিষয়ে তুমি দেখিছা নে? এইদৰে প্রতিজনে নিজ নিজ গুপ্ত কোঁঠালিত প্রতিমাবোৰৰ সৈতে তেওঁলোকে কয়, ‘যিহোৱাই আমাক দেখা নাপায়! যিহোৱাই দেশখন ত্যাগ কৰিলে’!”

অধ্যায়টো চাওক কপি কৰক

21 পৰস্পৰ সংযোগসমূহ  

ইস্ৰায়েলীয়াসকলে গোপনে ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। প্রহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নির্মাণ কৰিছিল।

তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে; তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”

এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;

তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব? কিহবলৈ গৈ আছে তাক জানো সৰ্ব্বোপৰি জনাই জানিব?”

যিহোৱাৰ পৰা নিজৰ কল্পনা গভীৰ ভাৱে লুকুৱাব খোজা জনৰ সন্তাপ হ’ব, আৰু আন্ধাৰত কাৰ্য কৰা জন, তেওঁলোকে কয়, “আমাক কোনে দেখে? আমাক কোনে জানে?” তেওঁলোকৰ সন্তাপ হ’ব।

তুমি তোমাৰ দুষ্টতাত নির্ভৰ কৰিছা; তুমি কোৱা “মোক কোনেও নেদেখে;” তোমাৰ প্রজ্ঞা আৰু তোমাৰ জ্ঞানেই তোমাক বিপথগামী কৰিলে; কিন্তু তুমি মনতে কোৱা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই।”

ইস্ৰায়েলৰ পৰিচাৰকসকলৰ কেইজনমান মোৰ ওচৰলৈ আহি মোৰ আগত বহিল।

আমাৰ নিৰ্বাসনৰ সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইস্ৰায়েলৰ পৰিচাৰকসকলৰ মাজৰ কেইজনমান পুৰুষে যিহোৱাক সুধিবলৈ আহি মোৰ আগত বহিল।

আৰু সেইবোৰৰ আগত ইস্ৰায়েল বংশৰ পৰিচাৰকসকলৰ সত্তৰজন পুৰুষ আৰু তেওঁলোকৰ মাজত চাফনৰ পুত্র যাজনিয়া থিয় হৈ আছিল। তেওঁলোক প্রতিজনে প্রতিমাবোৰৰ সন্মুখত থিয় হৈ হাতত এটা এটা ধূপৰ পাত্ৰ ল’লে যাতে সেই ধূপৰ সুগন্ধযুক্ত ধোঁৱা ওপৰলৈ উঠে।

তেওঁ মোক পুনৰ ক’লে, “তুমি আকৌ ঘূৰি চোৱা, তেওঁলোকে কৰি থকা ঘিণলগীয়া কাৰ্যবোৰতকৈয়ো অতি বেছি দেখিবলৈ পাবা।”

তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি দেখিছা নে? তুমি ইয়াতকৈয়ো অধিক ঘিণলগীয়া কাৰ্য দেখিবলৈ পাবা।”

তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? ইয়াত যিহূদা বংশই যি যি ঘিণলগীয়া কাৰ্য কৰিছে, সেই সকলো কাৰ্য জানো তেওঁলোকলৈ লঘূ বিষয়? কিয়নো তেওঁলোকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে আৰু মোক বেজাৰ দিবলৈ পুনৰায় ঘূৰিছে; আৰু চোৱা, তেওঁলোকে ডালবোৰ নাকত লগাইছে।

তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’

সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।

কিয়নো তেওঁলোকে গুপুতে যি যি কৰে, সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়।

‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণলগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন