Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 7:20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁৰ সুন্দৰ ভূষনৰ বিষয়ে হ’লে, তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁলোকে তাত তেওঁলোকৰ ঘিণলগীয়া দেৱতাৰ মূৰ্ত্তি আৰু তেওঁলোকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে, এই কাৰণে মই সেইবোৰ তেওঁলোকলৈ অশুচি বস্তু যেন কৰিলোঁ।

অধ্যায়টো চাওক কপি কৰক

32 পৰস্পৰ সংযোগসমূহ  

যদিও যিহোৱাই এই আজ্ঞা দিছিল যে, “মই যিৰূচালেমত চিৰকাললৈকে মোৰ নাম স্থাপন কৰিম”, তথাপিও মনচিয়ে যিহোৱাৰ গৃহত কিছুমান বেদী নির্মাণ কৰিছিল।

তেওঁ যি আচেৰা মূর্তি খোদাই কৰি নির্মাণ কৰিছিল, সেইটো নি যিহোৱাৰ গৃহত স্থাপন কৰিছিল। যিহোৱাই তেওঁৰ গৃহৰ সম্বন্ধে দায়ুদ আৰু দায়ুদৰ পুত্ৰ চলোমনক কৈছিল, “এই গৃহত আৰু ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা এই যিৰূচালেমত মই মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম।

যাতে তেওঁলোকে মোৰ অৰ্থে প্ৰচুৰ পৰিমাণে কাঠ যুগুত কৰিব পাৰিব; কিয়নো মই যি গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ, সেয়ে মহৎ আৰু আশ্চর্যজনক হ’ব।

বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্যলঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।

কিন্তু যিসকলে প্রথমবাৰৰ বাবে গৃহৰ ভিত্তিমূল স্থাপন কৰা নিজ চকুৰে দেখিলে, তেনে বহু পুৰোহিত, লেবীয়া, সন্মানীয় লোক, আৰু বৃদ্ধ লোকে চিঞৰি চিঞৰি কান্দিলে। আনহাতে অনেক লোক আনন্দত উত্তেজিত হ’ল আৰু উচ্চ-স্বৰে জয়-ধ্বনি কৰিলে।

উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।

চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।

তোমালোকে নিজৰ কটা-মূৰ্ত্তিত মৰা ৰূপৰ আৰু সোনৰ পতা অশুচি কৰিবা, তোমালোকে তাক অশুচি বস্তু দৰে পেলাই দি ক’বা, “ইয়াৰ পৰা দূৰ হোৱা।”

আমাৰ পূৰ্বপুৰুষসকলে তোমাৰ প্ৰশংসা কৰা, আমাৰ সেই পবিত্ৰ সুন্দৰ মন্দিৰ অগ্নিৰে দগ্ধ হ’ল; আৰু আমাৰ মনমোহা সকলো ঠাই উচ্ছন্ন হ’ল।

এই হেতুকে, মোৰ নামেৰে প্ৰখ্যাত, তোমালোকে বিশ্বাস কৰা এই গৃহক, তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মই দিয়া এই ঠাইক, মই চীলোক কৰাৰ দৰে কৰিম।

কিয়নো, যিহোৱাই কৈছে, মোৰ সাক্ষাতে যি কুচ্ছিত, যিহূদাৰ সন্তান সকলে তাকেই কৰিলে। মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত নিজৰ ঘিণলগীয়া বস্তুবোৰ ৰাখিলে।

শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে। যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল, তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে।

প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন-জীয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে! তেওঁ স্বৰ্গৰ পৰা ইস্ৰায়েলৰ শোভাক পৃথিৱীলৈ পঠিয়াই দিলে; আৰু নিজ ক্ৰোধৰ দিনত নিজৰ ভৰি-পীৰালৈ সোঁৱৰণ নকৰিলে।

প্ৰভুৱে তেওঁৰ যজ্ঞবেদী অগ্রাহ্য কৰিলে; আৰু তেওঁৰ পবিত্ৰ স্থান ঘিণ কৰিলে। তেওঁ তাইৰ অট্টালিকাৰ গড়বোৰ শত্ৰুৰ হাতত সমৰ্পণ কৰিলে। তেতিয়া তেওঁলোকে পৰ্ব্বদিনৰ নিচিনাকৈ যিহোৱাৰ গৃহত জয়েৰে কোলাহল কৰিলে।

তেতিয়া তেওঁলোকে সেই ঠাইলৈ যাব আৰু তাৰ পৰা আটাই জঘন্য আৰু ঘৃণনীয় বস্তুবোৰ দূৰ কৰিব।

আৰু তুমি নিজৰ কেইখনমান কাপোৰ লৈ, তাৰে নিজৰ বাবে চিত্ৰবিচিত্ৰ ওখ ঠাই কৰি তাৰ ওপৰত বেশ্যাকৰ্ম কৰিলা; এনে কথা হোৱা নাই, আৰু নহ’বও।

প্ৰভু যিহোৱাই কৈছে, মই তোমাক দিয়া মোৰ আহাৰ, মই তোমাক খাবলৈ দিয়া মিহি আটা, তেল আৰু মৌ-জোল তুমি সুঘ্ৰাণৰ অৰ্থে সেইবোৰৰ আগত থলা আৰু সেইদৰেই হ’ল।

তেওঁলোকে মোলৈ এইটোও কৰি থাকিলে: তেওঁলোকে মোৰ ধৰ্মধাম অশুচি কৰিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ সেই দিনাই অপবিত্ৰ কৰিলে।

‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।

এই হেতুকে প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্যেৰে তুমি মোৰ পবিত্ৰ স্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম।

যেতিয়া তেওঁলোকে মোৰ গুপ্তস্থান অশুচি কৰিব, তেতিয়া তেওঁলোকৰ পৰা মই বিমুখ হ’ম; ডকাইতবোৰে তাত সোমাই তাক অপবিত্ৰ কৰিব।

তেওঁ তেওঁলোকক ক’লে, “গৃহটি অশুচি কৰা, চোতাল কেইখন হত হোৱা লোকসকলেৰে পূৰ কৰা। আগবাঢ়া!” গতিকে তেওঁলোকে ওলাই গৈ জেৰুচালেম নগৰক আক্রমণ কৰিলে।

তোমালোকৰ মাজত কোন আছে? যিজনে এই গৃহৰ পূৰ্বৰ গৌৰৱ দেখিছে; আৰু এতিয়া এই গৃহ কেনে দেখিছা? তোমালোকৰ দৃষ্টিত এয়ে একো নোহোৱাৰ দৰে নহয় নে?

গিদিয়োনে তেওঁলোকক পুনৰ ক’লে, “কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লুটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক।” কিয়নো মিদিয়নীয়াসকল আছিল ইস্মায়েলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোনৰ গহনা পিন্ধা প্রচলিত আছিল।

তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্রাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন