যিহি 6:3ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019আৰু কোৱা, ‘হে ইস্ৰায়েলৰ পৰ্বতবোৰ, প্ৰভু যিহোৱাৰ বাক্য শুনা; প্ৰভু যিহোৱাই পৰ্বত, উপপৰ্বত, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম। অধ্যায়টো চাওক |
যিহূদাৰ ৰজা, ৰজা যোচিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহোৱাই মোক ক’লে, “বিপথগামিনী ইস্ৰায়েলে যি কৰিলে, তাক তুমি দেখিবলৈ পালা নে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ’ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ, সেই সেই ঠাইত বেশ্যা কৰ্ম কৰিলে।