তাৰ পাছত তাৰে অধিক চুলি ল’বা আৰু জুইৰ মাজত পেলাই দিবা; আৰু জুইৰে পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব।
কিন্তু সপ্তম মাহত ইলীচামাৰ নাতি, নথনিয়াৰ পুত্র ইশ্মায়েলে দহ জন মানুহক লগত লৈ গদলিয়াৰ লগতে যিহূদাৰ যি সকল লোক আৰু কলদীয়াসকল তেওঁৰ লগত মিস্পাত আছিল, সকলোকে আক্রমণ কৰি বধ কৰিলে। এই ইশ্মায়েল এজন ৰাজবংশীয় লোক আছিল।
হে যিহূদাৰ লোক, হে যিৰূচালেম নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
পলৰীয়াসকল হিচবোনৰ ছাঁত শক্তিবিহীন হৈ থিয় দি আছে; কাৰণ হিচবোনৰ পৰা অগ্নি আৰু চীহোনৰ মাজৰ পৰা জুইৰ শিখা ওলাই মোৱাবৰ ডাঢ়িৰ কাষ আৰু কোলাহলকাৰীসকলৰ তালু টকলা কৰিলে।
নবূখদনেচৰৰ ৰাজত্বৰ তেইশ বছৰৰ বছৰি নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিহুদী বিলাকৰ মাজৰ পৰা সাতশ পঞ্চল্লিশ জনক দেশান্তৰ কৰি লৈ গ’ল; সৰ্ব্বমুঠ চাৰি হাজাৰ ছশ লোক লৈ গ’ল।
কিন্তু তুমি অলপ সংখ্যক চুলি ল’বা আৰু তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা।
প্ৰভু যিহোৱাই এই কথা কৈছে: “এয়ে যিৰূচালেম; মই ইয়াক জাতিবোৰৰ মাজত স্থাপন কৰিলোঁ আৰু ইয়াৰ চাৰিওফালে আন জাতি সমূহ আছে।