আৰু নগৰখনৰ চাৰিওফালে মুকলি ঠাই থাকিব; উত্তৰ দিশে দুশ পঞ্চাশ হাত, দক্ষিণ দিশে দুশ পঞ্চাশ হাত পূৱ দিশে দুশ পঞ্চাশ হাত আৰু পশ্চিম দিশে দুশ পঞ্চাশ হাত।
তাৰ পৰিমাণ এইবোৰ; উত্তৰফাল চাৰি হাজাৰ পাঁচশ হাত, দক্ষিণ ফাল চাৰি হাজাৰ পাঁচশ হাত, পূৱ ফাল চাৰি হাজাৰ পাঁচ শ হাত আৰু পশ্চিম ফাল চাৰি হাজাৰ পাঁচ শ হাত।
আৰু পবিত্ৰ উপহাৰ ভূমিৰ সন্মুখৰ দীঘলৰ বাকী ভাগ পূৱ দিশে দহ হাজাৰ হাত আৰু পশ্চিম দিশে দহ হাজাৰ হাত হ’ব আৰু এয়ে পবিত্ৰ উপহাৰ ভূমিৰ আগত হ’ব; আৰু তাৰ উৎপন্ন শস্য নগৰখনত কাম কৰোঁতা লোকসকলৰ আহাৰৰ কাৰণে হ’ব।