তেতিয়া প্ৰভু যিহোৱাই কৈছে, ‘যি ফৈদৰ মাজত বিদেশীয়ে বাস কৰিব, তাতেই তোমালোকে তাৰ আধিপত্য দিবা।’
তোমালোকে নিজৰ নিজৰ কাৰণে, আৰু বিদেশী লোকসকলে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, তেওঁলোকৰ কাৰণেও তাক আধিপত্যৰ অৰ্থে চিঠি-খেলৰে বাগ বাঁটিবা; আৰু তেওঁলোক ইস্ৰায়েলৰে সন্তান সকলৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; তেওঁলোকে ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত তোমালোকৰ লগত আধিপত্য পাব।
ফৈদবোৰ এই এই নাম। একেবাৰে মূৰত উত্তৰ ফালে হিতলোনৰ বাটৰ কাষেদি হমাতৰ প্ৰৱেশস্থানলৈকে দম্মেচকৰ সীমাত থকা হচৰ-ঐননলৈকে, উত্তৰফালে হমাতৰ কাষত পূৱ আৰু পশ্চিমলৈ দানে এক অংশ পাব।
আপোনালোকেও বিদেশীক প্ৰেম কৰিব; কিয়নো মিচৰ দেশত আপোনালোকো বিদেশী আছিল।