Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 47:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এয়ে পশ্চিমফাল। এইদৰে ইস্ৰায়েলৰ ফৈদ অনুসাৰে তোমালোকে এইদেশ তোমালোকৰ কাৰণে ভাগ বাঁটিবা।

অধ্যায়টো চাওক কপি কৰক

4 পৰস্পৰ সংযোগসমূহ  

ইয়াৰ বাহিৰে, যেতিয়া তোমালোকে আধিপত্যৰ অৰ্থে চিঠি-খেলৰে দেশ ভাগ বাঁটিবা, তেতিয়া তোমালোকে দেশৰ এক পবিত্ৰ অংশ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা; সেয়ে দীঘলে পঁচিশ হাজাৰ হাত; আৰু বহলে বিশ হাজাৰ হাত হ’ব; সেয়ে চাৰিওঁফালে তাৰ সমুদায় সীমাৰ ভিতৰত পবিত্ৰ হ’ব।

আৰু দক্ষিণ সীমাৰে পৰা হমাতৰ প্ৰৱেশস্থানৰ সন্মূখলৈকে পশ্চিমফাল মহাসাগৰ হ’ব।

তোমালোকে নিজৰ নিজৰ কাৰণে, আৰু বিদেশী লোকসকলে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, তেওঁলোকৰ কাৰণেও তাক আধিপত্যৰ অৰ্থে চিঠি-খেলৰে বাগ বাঁটিবা; আৰু তেওঁলোক ইস্ৰায়েলৰে সন্তান সকলৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; তেওঁলোকে ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত তোমালোকৰ লগত আধিপত্য পাব।

প্ৰভু যিহোৱাই কৈছে, আধিপত্যৰ অৰ্থে ইস্ৰায়েলৰ ফৈদবোৰ কাৰণে তোমালোকে চিঠি-খেলৰে ভাগ বাঁটিব লগা দেশ এয়ে, আৰু এইবোৰেই তেওঁলোকৰ অংশ।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন