Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 43:4

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু যিহোৱাৰ গৌৰৱ পূৱফালে মুখ কৰা বাট-চৰাটোৰ বাটেদি গৃহটিত সোমাল।

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত মেঘে সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিলে।

মোচিয়ে সাক্ষাৎ কৰা তম্বুত সোমাব নোৱাৰিলে; কিয়নো মেঘ তাৰ ওপৰত আছিল, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিছিল।

উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।

বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে। যিহোৱাৰ গৌৰৱৰ দৰে পদাৰ্থটোৰ ৰূপ দেখা গ’ল। তাক দেখামাত্ৰে মই উবুৰি হৈ পৰিলোঁ আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।

আৰু যিহোৱাৰ গৌৰৱ নগৰৰ মাজৰ পৰা ওপৰলৈ উঠি গ’ল আৰু নগৰৰ পূৱফালে থকা পৰ্ব্বতখনৰ ওপৰত ৰ’ল।

তেতিয়া আত্মাই মোক দাঙি লৈ গ’ল; তেতিয়া মোৰ পাচফালে এটা মহৎ ভূমিকম্পৰ শব্দৰদৰে এই বাক্য কোৱা শুনিলোঁ বোলে, যে, “নিজ ঠাইত বাস কৰা যিহোৱাৰ গৌৰৱ ধন্য।”

পাছত সেই মানুহে বাট-চৰাটোলৈ, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ মোক নিলে।

আৰু চোৱা! পূৱফালৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আহিল; তেওঁৰ ধ্বনি বহু জল সমূহৰ শব্দৰ দৰে আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ’ল!

পাছত যিহোৱাই মোক ক’লে, “এই বাট-চৰাটো বন্ধ থাকিব, মেলা নাযাব আৰু এইপিনে কোনো লোক নোসোমাব; কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইফালেই প্ৰৱেশ কৰিলে; এই হেতুকে ই বন্ধ থাকিব।

তাৰ পাছত তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ!




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন