যিহি 43:10ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশই নিজ অপৰাধৰ কাৰণে লাজ পাবৰ কাৰণে তুমি তেওঁলোকক গৃহটি দেখুউৱা; আৰু সুন্দৰ কৈ গঁথা গৃহটি তেওঁলোকে জোখক। অধ্যায়টো চাওক |
আৰু তেওঁলোকে কৰা আটাই কাৰ্যৰ কাৰণে যদি তেওঁলোক লজ্জিত হয়, তেন্তে তেওঁলোকে গৃহটিৰ সমূদায় আকৃতি আৰু তাৰ আটাই নিয়ম প্ৰণালী ৰক্ষা কৰি সেই মতে যেন কাৰ্য কৰে, এই অভিপ্ৰায়ে গৃহটিৰ আকাৰ, তাৰ গঠন, ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰা তাৰ বাটবোৰ, তাৰ সকলো প্ৰকাৰ আকাৰ আৰু তাৰ আটাই ব্যৱস্থা তেওঁলোকক জনোৱা আৰু তেওঁলোকৰ আগতে লিখা।