তেতিয়া তেওঁ ভিতৰ ফালে গৈ প্ৰৱেশস্থানৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি দুহাত দুহাত পালে আৰু প্ৰৱেশস্থান জুখি ছহাত পালে; প্ৰৱেশস্থানৰ প্ৰস্থ সাত হাত আছিল।
প্ৰহৰী–কোঁঠালিবোৰত, বাট-চৰাটোৰ ভিতৰে কেউফালে সেইবোৰ পৃথক কৰা দেৱালবোৰত, আৰু সেইদৰে খিলানবোৰত, চিলিঙি দিয়া খিড়িকি আছিল আৰু সেই খিড়িকি ভিতৰে কেউফালে আছিল আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল।
পাছত তেওঁ মোক গৃহৰ বাৰাণ্ডালৈ নি, সেই বাৰণ্ডাৰ ওলাই থকা সন্মুখৰ প্ৰত্যেক ভাগ জুখি, ইফালে পাঁচ হাত সিফালে পাঁচ হাত পালে, আৰু প্ৰত্যেক প্ৰৱেশস্থানৰ কাষৰ ওলাই থকা ভাগৰ প্ৰস্থ ইফালে তিনি হাত আনফালে তিনি হাত পালে।
তেতিয়া তেওঁ মোক মন্দিৰৰ গুৰিলৈ নি, তাৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি, এফালে ছহাত আনফালে ছহাত বহল পালে। সেয়ে তম্বুৰ বহলৰ সমান।