Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 40:6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া তেওঁ পূৱফালে মুখ কৰা বাট-চৰালৈ আহি তাৰ খটখটিয়েদি উঠিল আৰু তেওঁ সেই বাট-চৰাৰ দুৱাৰডলি জুখিলত, বহলে এক নল হ’ল; আৰু এক নল বহল আন দুৱাৰডলিও আছিল।

অধ্যায়টো চাওক কপি কৰক

24 পৰস্পৰ সংযোগসমূহ  

মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷

তেওঁলোক আগৰ পৰা লেবী বংশৰ ছাউনিৰ পূবদিশে ৰাজদুৱাৰত থিয় হৈ পহৰা দিছিল।

দুৱৰীসকলক পূব, পশ্চিম, উত্তৰ, আৰু দক্ষিণ, এই চাৰিও দিশত নিযুক্ত কৰা হৈছিল।

তেওঁলোকৰ পাছত ইম্মেৰৰ পুত্ৰ চাদোকে নিজৰ ঘৰৰ বিপৰীতে থকা এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত পূব দুৱাৰৰ ৰখীয়া চখনিয়াৰ পুত্ৰ চময়িয়াই মেৰামতি কৰিলে।

কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম; দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম।

খোলা-কটি পৰি থকা দুৱাৰৰ সোমোৱা ঠাইৰ ওচৰত থকা হিন্নোমৰ পুতেকৰ উপত্যকালৈ ওলাই যোৱা, আৰু মই তোমাক বাক্য কম, তাত এই বাক্য প্ৰচাৰ কৰিবা;

পাছত যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল।

তেতিয়া সেই আত্মাই মোক ওপৰলৈ তুলি নিলে, আৰু যিহোৱাৰ গৃহৰ পূব দিশত পূবমুৱাকৈ থকা প্রৱেশ পথৰ ওচৰলৈ আনিলে। আৰু চোৱা! সেই প্রৱেশ পথৰ দুৱাৰমুখত পঁচিশজন পুৰুষ আছিল। তেতিয়া মই লোকসকলৰ চলাওঁতা অজ্জুৰৰ পুত্ৰ যাজনিয়া আৰু বনায়াৰ পুত্ৰ পেলাটিয়াক তেওঁলোকৰ মাজত, এই দুজনক তেওঁলোকৰ মাজত দেখিলোঁ।

পাছত তেওঁ বাহিৰ চোতালখনৰ উত্তৰ ফালে মুখ কৰা বাট-চৰাটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জুখিলে।

তাৰ খিড়িকিবোৰ, তাৰ খিলনিবোৰ আৰু তাৰ খাজুৰ গছৰ আকৃতিৰ পূৱফালৰ বাট-চৰাটোৰ পৰিমান মতেই; সাতখাপ গৈ তাৰ ওপৰত উঠা যায়; তাৰ খিলনিবোৰ ভিতৰ ফালে আছিল।

পাছত তেওঁ মোক দক্ষিণ ফাললৈ নিলে আৰু চোৱা, দক্ষিণফালে মুখ কৰা এটা বাট-চৰা আছিল আৰু তেওঁ তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ তাৰ খিলনিবোৰ জুখি সেই পৰিমানতেই পালে।

তাৰ ওপৰত উঠিবলৈ সাতখাপ আছিল; তাৰ খিলানবোৰ ভিতৰ ফালে আছিল আৰু তাৰ বাৰাণ্ডা ওলাই থকা সন্মুখৰ দুই ভাগত ইফালে সিফালে খাজুৰ গছৰ আকৃতি আছিল।

আৰু চোৱা, গৃহৰ বাহিৰে চাৰিওফালে এটা গড় আছিল, আৰু পুৰুষজনৰ হাতত জুখিবৰ কাৰণে ছহাত দীঘল এডাল নল আছিল; তাৰ প্ৰত্যেক হাতৰ জোখ এক হাত চাৰি আঙুল; পাছে তেওঁ গড় জুখিলত, ডাঠে এক নল, আৰু ওখই এক নল হ’ল।

আৰু প্ৰত্যেক প্ৰহৰী কোঁঠালি এক নল দীঘল আৰু এক নল বহল আছিল, আৰু সেই কোঁঠালিবোৰ পাঁচ হাত পাঁচ হাত অন্তৰে আছিল; আৰু গৃহৰ ফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ কাষত থকা দুৱাৰডলি এক নল আছিল।

এই তিনিওটাৰ কেউফালে দুৱাৰডলি, চিলিঙি দিয়া খিড়িকি আৰু ঠেক বাৰাণ্ডা আছিল; চোতালখনৰ বাৰাণ্ডাৰ সন্মুখত কেউফালে মজিয়াৰ পৰা খিড়িকিলৈকে তক্তা লগোৱা আছিল: খিড়িকিবোৰ ঢকা আছিল।

পাছত তেওঁ ভিতৰ গৃহ জুখি এঁটালত, পূৱফালেমুখ কৰা বাট-চৰাইদি মোক উলিয়াই নিলে আৰু চাৰিওফালে গোটেই গৃহ জুখিলে।

পাছত সেই মানুহে বাট-চৰাটোলৈ, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ মোক নিলে।

আৰু ওপৰ ভাগ চৌদ্ধ হাত দীঘল আৰু চৌদ্ধ হাত বহল, চাৰিচুকীয়া হ’ব; আৰু তাৰ চাৰিওফালে থকা বাৰ আধা হাত, আৰু তাৰ তল ভাগ চাৰিওফালে এক হাত হ’ব; তাৰ খটখটী পূৱফাললৈ মুখ কৰি থাকিব।”

তেওঁলোকে মোৰ দুৱাৰডলিৰ ওচৰত তেওঁলোকৰ দুৱাৰডলি, আৰু মোৰ দুৱাৰ খুটাৰ ওচৰত তেওঁলোকৰ দুৱাৰ খুঁটা দি, মোৰ আৰু তেওঁলোকৰ মাজত কেৱল এটা দেৱাল ৰাখি অশুচি নকৰিব। তেওঁলোকে কৰা তেওঁলোকৰ ঘিণলগীয়া কাৰ্যেৰে তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; এই কাৰণে মই ক্ৰোধত তেওঁলোকক নষ্ট কৰিলোঁ।

তেতিয়া সেই মানুহে ধৰ্মধামৰ পূৱফালে মুখ কৰা বাহিৰ বাট-চৰাটোলৈ মোক ওলোটাই নিলে, সেয়ে টানকৈ বন্ধ কৰি থোৱা আছিল।

আৰু যেতিয়া অধিপতিজনে ইচ্ছামতে দিয়া উপহাৰ উৎসৰ্গ কৰিব, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোমবলি বা মঙ্গলাৰ্থক বলি ইচ্ছামতে দিয়া উপহাৰস্বৰূপে উৎসৰ্গ কৰিব, তেতিয়া পূৱফালে মুখ কৰা বাটচৰাটো তেওঁৰ কাৰণে খোলা হ’ব আৰু তেওঁ বিশ্ৰামবাৰে কৰা দৰে নিজৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; পাছে তেওঁ বাহিৰলৈ যাব আৰু তেওঁ ওলাই যোৱাৰ পাছত বাট-চৰাটো বন্ধ কৰা হ’ব।

তেতিয়া সেই মানুহে মোক গৃহটিৰ দুৱাৰমুখলৈ উলিয়াই আনিলে; আৰু চোৱা! গৃহটিৰ দুৱাৰ ডলিৰ তলৰ পৰা জল সমূহ ওলাই পূৱ দিশলৈ বৈ গ’ল, কিয়নো গৃহটিৰ আগফাল পূৱদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জল সমূহ নামি গৈছিল।

আৰু তেওঁ মোক যিহোৱাৰ গৃহৰ ভিতৰ চোতাললৈ লৈ গ’ল, আৰু চোৱা! মই দেখিলোঁ, যিহোৱাৰ মন্দিৰৰ দুৱাৰমুখত, বাৰাণ্ডা আৰু যজ্ঞবেদীৰ মাজ ভাগত যিহোৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি পূৱফালে মুখ কৰি প্রায় পঞ্চাশজনমান লোকে সূৰ্যৰ আগত প্ৰণিপাত কৰি আছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন