আৰু তেওঁ চোতালখন জুখি এশ হাত দীঘল আৰু এশ হাত বহল পালে, সেয়ে চাৰিওফালে সমান; যজ্ঞ-বেদিটো গৃহৰ আগত আছিল।
আৰু সাক্ষাৎ কৰা তম্বুত আবাসৰ দুৱাৰৰ মুখত হোম-বেদি ৰাখি তাৰ ওপৰত হোমবলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলে।
পাছত তেওঁ তলৰ বাট-চৰাটোৰ সন্মূখৰ পৰা ভিতৰৰ চোতালখনৰ সন্মূখলৈ, বাহিৰে প্ৰস্থ জুখি পূৱ আৰু উত্তৰ দুয়োফালে এশ এশ হাত পালে।
উত্তৰফালৰ বাট-চৰাটোৰ আৰু পূৱফালৰ বাট-চৰাটোৰ সন্মুখত ভিতৰ চোতালখনৰ বাট-চৰা আছিল; আৰু তেওঁ এটা বাট-চৰাৰ পৰা আন এটা বাট-চৰাটোলৈ জুখি এশ হাত পালে।
আৰু দক্ষিণ পালে ভিতৰ চোতালখনৰ এটা বাট-চৰা আছিল; তেওঁ এটা বাট-চৰাৰ পৰা আনটোলৈ দক্ষিণ পালে জুখি এশ হাত পালে।
তেতিয়া তেওঁ গৃহ জুখি এশ হাত দীঘল পালে আৰু পৃথক কৰা ঠাই আৰু দেৱালে সৈতে ঘৰটো জুখি এশ হাত দীঘল পালে।